খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ, ছাব-জুনিয়ৰ শাখাৰ ফাইনেলত ওদালগুৰি-চৰাইদেউ

ওদালগুৰি আৰু চৰাইদেউৰ ছোৱালী দলে গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তয়াবুল্লাহ হকী ষ্টেডিয়ামত চলি থকা খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগৰ ছাব-জুনিয়ৰ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ আজি প্ৰতিযোগিতাৰ অন্তিম চাৰিখন লীগৰ খেল অনুষ্ঠিত হোৱাৰ পাছত ওদালগুৰিয়ে গ্ৰুপ ‘এ’ৰ শীৰ্ষ দল হিচাপে তথা চৰাইদেউ দলে গ্ৰুপ ‘বি’ৰ শ্ৰেষ্ঠ হৈ খিতাপৰ যুঁজলৈ অগ্ৰসৰ হয়৷

২৬ মাৰ্চত ফাইনেল খেলখন অনুষ্ঠিত হ’ব আৰু মেচৰ অন্তত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা অসম এথলেটিকছ সন্থাৰ সভাপতি জয়ন্তমল্ল বৰুৱাই চেম্পিয়ন দলক ট্ৰফী প্ৰদান কৰিব বুলি অসম হকীৰ সম্পাদক তপন দাসে জনাইছে৷ ইফালে, ফাইনেল মেচৰ পূৰ্বে তৃতীয়স্থান নিৰ্ধাৰণকাৰী খেলখন পূৱা আঠ বজাত অনুষ্ঠিত হ’ব৷ গ্ৰুপ ‘এ’ আৰু ‘বি’ৰ দ্বিতীয় স্থানত থকা দল গুৱাহাটী আৰু বঢ়মপুৰৰ মাজত এই মেচখন অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগত অসম হকীয়ে আয়োজন কৰা প্ৰাইজমানি প্ৰতিযোগিতাখনত ইতিমধ্যে ছোৱালীৰ জুনিয়ৰ শাখাৰ খেল সফলতাৰে সমাপ্ত হৈছে৷ জুনিয়ৰৰ দৰে ছাব-জুনিয়ৰ শাখাতো চেম্পিয়ন দলে দুই লাখ, ৰানাৰ্ছ আপ দলে এক লাখ ৬০ হাজাৰ আৰু তৃতীয় স্থানৰ দলে এক লাখ ২০ হাজাৰ টকা লাভ কৰিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...