দাক্ষিণাত্যৰ চলচ্চিত্ৰই এতিয়া সমগ্ৰ ভাৰততে সৃষ্টি কৰি আছে খলকনিৰ। এখনৰ পিছত এখন ছবিয়ে জোকাৰি গৈছে বক্স অফিচ। শেহতীয়াকৈ মুক্তি লাভ কৰা RRR আৰু পুষ্পাই চিনেমা প্ৰেমীসকলৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে। অহা ১৪ এপ্ৰিলত মুক্তি লাভ কৰিবলগীয়া KGF2ৰ ট্ৰেইলাৰে দৰ্শকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে। এই ছবিখনৰ মুক্তি পূৰ্বে ইতিমধ্যে অনলাইনযোগে টিকট বুকিং প্ৰক্ৰিয়া আৰম্ভ হৈছে। খবৰ অনুসৰি KGF2 ছবিখনে বলীউডৰ বহুতো ছুপাৰহিট ছবিক আগতীয়া বুকিঙত পৰাজিত কৰিছে। এই ছবিখনে আগতীয়াকৈ বুকিঙত RRR ছবিখনক অতিক্ৰম কৰিছে।

এইছবিখনে আগতীয়া বুকিঙত ২০ কোটিতকৈও অধিক টকা উপাৰ্জন কৰিছে। ছবিখনৰ কানাডা সংস্কৰণে ৪.৯০ কোটি, হিন্দী সংস্কৰণে ১১.৪০ কোটি, মালায়ালম সংস্কৰণে ১.৯০ কোটি, তেলেগু সংস্কৰণে ৫ লাখ আৰু তামিল সংস্কৰণে ৪.৯০ কোটি টকা উপাৰ্জন কৰিছে। তথ্য অনুসৰি ১০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা KGF2 ছবিখনে প্ৰথমদিনাই বক্সঅফিচত ৩৫ কোটি টকাৰ অধিক সংগ্ৰহ কৰিব। এনে পৰিস্থিতিত RRR ছবিখনে হিন্দী বক্সঅফিচত ৫ কোটি টকাৰ আগতীয়া বুকিঙত সংগ্ৰহ কৰিছিল, যি KGF2ৰ তুলনাত আধাতকৈও কম।

বাণিজ্য বিশ্লেষক তৰণ আদৰ্শৰ মতে, ছবিখনক লৈ হিন্দী দৰ্শকৰ মাজত যথেষ্ট উন্মাদনা আছে, তেওঁ জনায় যে, “মুম্বাইৰ কিছুমান ছবিগৃহত প্ৰতিখন আসনৰ টিকটৰ মূল্য ১৪৫০ ৰ পৰা ১৫০০ টকা, দিল্লীত ১৮০০ ৰ পৰা ২০০০ টকাৰ টিকট বিক্ৰী হৈ বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে। প্ৰশান্ত নীলৰ দ্বাৰা পৰিচালিত KGF2 ২০১৮ চনত মুক্তিলাভ কৰা চলচ্চিত্ৰখনৰ চিকুৱেল। চলচ্চিত্ৰখনৰ প্ৰথম অংশটোৱে বিশ্বজুৰি ২৫০ কোটিৰ ব্যৱসায় কৰিছিল।