পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

খোল–তাল, ঢোল, মাদলৰ ধ্বনিৰে উখল–মাখল কাজিৰঙা
আৰম্ভ হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষ
এতিয়া আপুনিও প্ৰাণভৰি উপভোগ কৰিব পাৰিব
নৈসৰ্গিক কাজিৰঙাৰ নান্দনিক দৃশ্য

দেওবাৰে কাজিৰঙাৰ দুটা ৰেঞ্জত মুকলি হ’ল জীপ চাফাৰী। আজিৰে পৰা বাগৰি আৰু কঁহৰা ৰেঞ্জত আৰম্ভ হ’ল ছাফাৰী। এইবৰ্ষৰ পৰ্যটনৰ কাৰ্যসূচী মুকলি কৰিবলৈ কাাজিৰঙা পালেগৈ দুই মন্ত্ৰী।
গায়ন, বায়ন, বিহু, ঝুমুৰৰে আদৰণি জনোৱা হ’ল কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু অতুল বৰাক। বন্তি প্ৰজ্বলন আৰু ফিটা কৰ্তন কৰিলে বনমন্ত্ৰী পাটোৱাৰীয়ে। বনাঞ্চল মুকলি কৰাৰ পাছতে মন্ত্ৰী অতুল বৰাসহ বনমন্ত্ৰী পাটোৱাৰী খোলা জীপত উঠি উদ্যানৰ অন্তৰ্ভাগত প্ৰৱেশ কৰে।

গড়, হৰিণ, হাতী, চৰাই–চিৰিকতিক দেখি আপ্লুত দুই মন্ত্ৰী। ইয়াৰ পিছতে বনমন্ত্ৰীগৰাকী উদ্যানৰ পৰা ওলাই আহি মিহিমুখ প্ৰৱেশদ্বাৰত বনবিভাগৰ সৌজন্যত পাৰিপাৰ্শ্বিক উন্নয়ণ সমিতিৰ যোগেদি মহিলা আত্মসহায়ক গোটৰ দুখন পৰম্পৰাগত জলপান আৰু হস্ত-তাঁত বস্ত্ৰৰ বিপনন কেন্দ্ৰ মুকলি কৰে৷
বিগত বৰ্ষৰ দৰে এইবাৰো পৰ্যটকৰ উপস্থিতিয়ে অভিলেখ গঢ়িব বুলি আশা প্ৰকাশ বনমন্ত্ৰীগৰাকীৰ

আজিৰে পৰা পৰ্যটকৰ বাবে কাজিৰঙা মুকলি কৰা হৈছে যদিও এতিয়াও মুকলি কৰা হোৱা নাই অগৰাতলী বনাঞ্চল। তাৰ সমান্তৰালকৈ পৰ্যটকে অপেক্ষা কৰিব লাগিব হাতী ছাফাৰীৰ বাবে।
নৱেম্বৰতহে মুকলি হ’ব কাজিৰঙাৰ হাতী ছাফাৰী। পৰ্যটকৰ অপেক্ষাৰ অন্তত এতিয়া মুকলি হোৱা পৰ্যটন কাৰ্যসূচীক লৈ সকলো আশাবাদী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...