ফেব্ৰুৱাৰীত ৪ কোটি টকাৰ অধিক ৰাজহ সংগ্ৰহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ

২০২১-২২ পৰ্যটন বৰ্ষৰ পঞ্চমটো মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে লাভ কৰিলে ৪ কোটি ৪৬ লাখ,৭৫ হাজাৰ ৬৬০ টকাৰ ৰাজহ। ফেব্ৰুৱাৰী মাহত উদ্যান দৰ্শন কৰিবলৈ অহা দেশীয় পৰ্যটকৰ সংখ্যা আছিল ২,২০,০২৭জন। ইয়াৰ বিপৰীতে বিদেশী পৰ্যটকৰ সংখ্যা আছিল ৭৩৩ জন। শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনোৱা তথ্য অনুসৰি বিগত সময়ছোৱাত ক’ভিড মহামাৰীৰ পিছতে সৰ্বাধিক দেশীয় পৰ্যটকৰ সংখ্যা বৃদ্ধি পালে।

কিন্তু হ্ৰাস পালে বিদেশী পৰ্যটকৰ সংখ্যা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত। উল্লেখযোগ্য যে বিগত ২০১৭-১৮ পৰ্যটন বৰ্ষত উদ্যান কৰ্তৃপক্ষই সৰ্বাধিক ৫ কোটিৰো অধিক টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। কিন্তু ক’ভিডৰ পিছতে উদ্যান কৰ্তৃপক্ষই চলিত বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত ৪,৪৬,৭৫,৬৬০কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰি বিগত ১০টা বছৰত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...