পুনৰ চৰ্চাত কেটৰিনা কাঈফ, কিয় বিকি কৌশল আৰু কেটৰিনাক লৈ অনুৰাগীৰ চৰ্চা?

বলীউডত অতি জনপ্ৰিয় যুটী বিকি কৌশল আৰু কেটৰিনা কাঈফ। নিজৰ চলচ্চিত্ৰ কেৰিয়াৰৰ সমানে সমানে ছচিয়েল মিডিয়াতো সমানে জনপ্ৰিয় দুয়োগৰাকী তাৰকা। প্ৰায়ে বিভিন্ন ঘটনা, ভ্ৰমণ বা প্ৰিয় খাদ্যৰ ফটো অথবা ৰোমাঞ্চকৰ ভিডিঅ’ শ্বেয়াৰ কৰে ছচিয়েল মিডিয়াত।

শেহতীয়াভাবে বিয়াৰ পিছত দুয়োৰে নিশাৰ মৰম লগা ফটো শ্বেয়াৰ কৰিছে। ইনষ্টাগ্ৰাম ষ্টৰীত কেটৰিনা কাঈফে দুখন ফটো শ্বেয়াৰ কৰি লিখিছে-ছৰী আই আম শ্লিপী। লগতে ৰং-বিৰঙী প্ৰেমৰ চিহ্নও ফটোখনত আঁকি দিছে। গৰমৰ দিনৰ পাতল কপাহী কাপোৰ পৰিহিত দুয়োৰে ৰোমাণ্টিক ফটোৰ পিছতে অনুৰাগীয়ে ব্যাপক চৰ্চা কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, ২০২১ চনৰ ৯ ডিচেম্বৰত বিবাহপাশত আবদ্ধ হৈছিল দুয়োগৰাকী তাৰকা। ৰাজস্থানত বৰ্ণিল কাৰ্যসূচীৰে বিশেষ অতিথি আৰু আত্মীয়ৰ উপস্থিতিত শুভ পৰিণয় ঘটিছিল। বিয়াৰ পিছতে দুয়ো হনীমুনৰ বাবে মালদ্বীপলৈ ৰাওনা হৈছিল। অৱশ্য়ে বিকি আৰু কেটৰিনাই আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰা এয়ে প্ৰথম নহয়। নাৰী দিৱসত বিকি কৌশলে মাক আৰু পত্নীৰ এখন যুগ্ম ফটো আপলোড কৰিছিল বিকি কৌশলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...