পুনৰ চৰ্চাত কেটৰিনা কাঈফ, কিয় বিকি কৌশল আৰু কেটৰিনাক লৈ অনুৰাগীৰ চৰ্চা?

বলীউডত অতি জনপ্ৰিয় যুটী বিকি কৌশল আৰু কেটৰিনা কাঈফ। নিজৰ চলচ্চিত্ৰ কেৰিয়াৰৰ সমানে সমানে ছচিয়েল মিডিয়াতো সমানে জনপ্ৰিয় দুয়োগৰাকী তাৰকা। প্ৰায়ে বিভিন্ন ঘটনা, ভ্ৰমণ বা প্ৰিয় খাদ্যৰ ফটো অথবা ৰোমাঞ্চকৰ ভিডিঅ’ শ্বেয়াৰ কৰে ছচিয়েল মিডিয়াত।

শেহতীয়াভাবে বিয়াৰ পিছত দুয়োৰে নিশাৰ মৰম লগা ফটো শ্বেয়াৰ কৰিছে। ইনষ্টাগ্ৰাম ষ্টৰীত কেটৰিনা কাঈফে দুখন ফটো শ্বেয়াৰ কৰি লিখিছে-ছৰী আই আম শ্লিপী। লগতে ৰং-বিৰঙী প্ৰেমৰ চিহ্নও ফটোখনত আঁকি দিছে। গৰমৰ দিনৰ পাতল কপাহী কাপোৰ পৰিহিত দুয়োৰে ৰোমাণ্টিক ফটোৰ পিছতে অনুৰাগীয়ে ব্যাপক চৰ্চা কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, ২০২১ চনৰ ৯ ডিচেম্বৰত বিবাহপাশত আবদ্ধ হৈছিল দুয়োগৰাকী তাৰকা। ৰাজস্থানত বৰ্ণিল কাৰ্যসূচীৰে বিশেষ অতিথি আৰু আত্মীয়ৰ উপস্থিতিত শুভ পৰিণয় ঘটিছিল। বিয়াৰ পিছতে দুয়ো হনীমুনৰ বাবে মালদ্বীপলৈ ৰাওনা হৈছিল। অৱশ্য়ে বিকি আৰু কেটৰিনাই আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰা এয়ে প্ৰথম নহয়। নাৰী দিৱসত বিকি কৌশলে মাক আৰু পত্নীৰ এখন যুগ্ম ফটো আপলোড কৰিছিল বিকি কৌশলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...