অসমলৈ কঢ়িয়ালে সুনাম, কৃষক উদ্ভাৱনী বঁটাৰ বিভূষিত হ’ল জয়দত কোঁৱৰ

কৃষিকৰ্মৰে উজলিল জয়দত কোঁৱৰ। নতুন দিল্লীত ভাৰতীয় কৃষি অনুসন্ধান সংস্হাই প্ৰদান কৰে কৃষক উদ্ভাৱনী বঁটা। কৃষকজনৰ এই সফলতাই এতিয়া গৌৰৱান্বিত কৰিছে অসমবাসীক। ভাৰতীয় কৃষি অনুসন্ধান সংস্হাই দিল্লীত অনুষ্ঠিত কৰা কৃষি মেলাত কৃষক উদ্ভাৱনী বঁটা লাভ কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কৃষক জয়দত কোঁৱৰে।

“দৰিদ্ৰতা কেতিয়াও জীৱনৰ বাবে অভিশাপ হ’ব নোৱাৰে” এই বাক্যশাৰীৰ সত্যতা প্ৰতিপন্ন কৰি নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজগড় ৰাঙলী গাঁৱৰ নিবাসী জয়দত কোঁৱৰে আজিৰে পৰা প্ৰায় ৩০ বছৰৰ আগতে ৮ হাজাৰ টকা বেংকৰ পৰা ঋণ লৈ আৰু উত্তৰাধিকাৰী সুত্ৰে পোৱা কিছু মাটি বিক্ৰী কৰি মুঠ ৩২ হাজাৰ টকাৰে খেতি উপযোগী ৮ বিঘা মাটি ক্ৰয় কৰি কৃষিকৰ্মৰ পাতনি মেলে। দীৰ্ঘদিনীয়া একাগ্ৰতা, ধৈৰ্য্য আৰু নিৰন্তৰ প্ৰচেষ্টাত বৰ্তমান ৭০ বিঘা মাটিত কোঁৱৰে শৃংখলাবদ্ধভাৱে মাছ পালন, গাহৰি পালন, তামোল, কল, মাটিকঁঠাল, নাৰিকল, মৌচুমী, কাঠফুলা কেঞ্চাৰ ৰোগৰ প্ৰতিষেধক হিচাপে বিবেচিত চাবাচেনেগাছ, মধুমেহ ৰোগৰ প্ৰতিষেধক ইনচুলিন প্লাণ্ট, নীলকণ্ঠ, লক্ষ্মীতৰু লগতে বিভিন্ন প্ৰজাতিৰ বনৌষধি খেতি কৰি ডিব্ৰুগড় জিলা খনৰ ভিতৰত এজন সফল কৃষক তথা ব্যৱসায়ী ৰূপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়।

এই সফলতাক সন্মান জনাই এইবৰ্ষৰ ভাৰতবৰ্ষৰ ৪৩গৰাকী প্ৰতিষ্ঠিত কৃষকৰ ভিতৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ জয়দত কোঁৱৰক নিৰ্বাচিত কৰি যোৱা ১২ মাৰ্চত ভাৰতীয় কৃষি অনুসন্ধান সংস্হাই কোঁৱৰক দিল্লীত এখন মানপত্ৰসহ প্ৰদান কৰে কৃষক উদ্ভাৱনী বঁটা। জয়দত কোঁৱৰৰ এই সফলতাই এতিয়া স্বাভাৱিকতে গৌৰৱ কঢ়িয়াই আনিছে অঞ্চলটোৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...