বেংগালুৰুৰ পদপিষ্টৰ ঘটনা; কৰ্ণাটক ক্ৰিকেট সন্থাৰ সম্পাদক, কোষাধ্যক্ষৰ পদত্যাগ

কৰ্ণাটক ক্ৰিকেট সংস্থাৰ (কেএছচিএ) দুজন বিষয়ববীয়াই নিজৰ দায়িত্ব ত্যাগ কৰিছে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ (আৰচিবি) আইপিএল জয়ৰ উৎসৱত পদপিষ্ট হৈ ১১গৰাকীৰ মৃত্যুৰ ঘটনাৰ পিছত কেএছচিএৰ সচিব এ শংকৰ আৰু কোষাধ্যক্ষ ই জয়ৰামে পদত্যাগ কৰিছে।

৩ জুনত আৰচিবিয়ে আইপিএলৰ খিতাপ জিকিছিল। পিছদিনা সমগ্ৰ দলটো উৎসৱত মত্ত হৈ পৰিছিল। সেইদিন চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত পদপিষ্ট হৈ ১১জন সমৰ্থকৰ মৃত্যু হয়। এই ঘটনাৰ পিছত ইতিমধ্যে চাৰিজনক গ্ৰেপ্তাৰ কৰা হৈছে, য’ত আৰচিবিৰ এজন বিষয়ায়ো আছে। এনে পৰিস্থিতিত কৰ্ণাটক ক্ৰিকেট সংস্থাৰ এই দুজন পদবীধাৰীয়েও পদত্যাগ কৰিছে।

সংবাদ সংস্থা পিটিআইৰ মতে, আৰচিবিৰ উৎসৱ আয়োজনত কৰ্ণাটক ক্ৰিকেট সংস্থা আৰু কৰ্ণাটক চৰকাৰে সহায় কৰিছিল। তাৰ পিছতেই এই দুজন বিষয়ববীয়াই পদত্যাগ কৰে। যদিও তেওঁলোকৰ তৰফৰ পৰা দাবী কৰা হৈছে যে, এই উৎসৱৰ আয়োজনত তেওঁলোকৰ কোনো ভূমিকা নাছিল।

আৰক্ষীৰ তৰফৰ পৰা ইতিমধ্যে আৰচিবি, কৰ্ণাটক ক্ৰিকেট সংস্থাৰ সভাপতি ৰঘুৰাম ভাট আৰু আয়োজক সংস্থাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। তাৰ পিছত কেএছচিএৰ তৰফৰ পৰা জনোৱা হৈছে যে, ভিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো দায়িত্ব নাছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...