অভিনেত্ৰী কৰীণা কাপুৰৰ বাসগৃহ ছীল, ৰুজু কৰিলে গোচৰ

জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰ আৰু অমৃতা অৰোৰা আক্ৰান্ত হৈছে কভিডত। কভিড পজিটিভ পোৱাৰ পিছতে দুয়োৰে বাসগৃহ ছীল কৰিছে প্ৰশাসনে। কৰীণা আৰু অমৃতাই যোৱা কেইদিনমানত কেইবাটাও পাৰ্টীত অংশগ্ৰহণ কৰিছিল। যাৰ বাবে কভিড প্ৰটকল ভংগ কৰাৰ অজুহাতত দুয়োৰে বিৰুদ্ধে বি এম চিয়ে গোচৰ ৰুজু কৰিছে। কৰীণাই নিজৰ দুয়োটি পুত্ৰৰ সৈতে ঘৰতে আছে আৰু নিজৰ স্বাস্থ্য ঠিকে থকাৰ কথা উল্লেখ কৰিছে।

যোৱা ৭ ডিচেম্বৰত গাৰ্ল গেঙৰ সৈতে পাৰ্টীত অংশগ্ৰহণ কৰিছিল দুয়োগৰাকীয়ে। ভগ্নী কৰিশ্মা কাপুৰ আৰু মালাইকা আৰোৰাও পাৰ্টিত আছিল। অনিল কাপুৰৰ জীয়ৰী ৰিয়া কাপুৰে বৰদিনৰ পূৰ্বে বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছিল। এই পাৰ্টীত উপস্থিত আছিল অৰ্জুন কাপুৰ, মাচাবা গুপ্তাকে ধৰি ছবি জগতৰ কেইবাগৰাকী তাৰকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...