জুনত কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন, সেউজ কাৰ্বি পাহাৰত ৰাজনীতিৰ উত্তাপ!

সেউজ কাৰ্বি পাহাৰত অনুভূত হ’বলৈ লৈছে ৰাজনীতিৰ উত্তাপ। জিলাখনত আৰম্ভ হৈছে পৰিষদীয় নিৰ্বাচনৰ তৎপৰতা। ইতিমধ্যে শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ কাৰ্বি আংলং জিলা ভ্ৰমণ কৰি গৈছে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত অলক কুমাৰে। এই ভ্ৰমণকালতে বিষয়াগৰাকীয়ে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু সংশ্লিষ্ট অন্যান্য বিষয়াসকলৰ লগত আলোচনাত মিলিত হয় আৰু নিৰ্বাচনী আয়োজন সন্দৰ্ভত আলোচনা চলায়। পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আয়ুক্ত কুমাৰে প্ৰকাশ কৰা মতে জুন মাহত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে কাৰ্বি আংলঙৰ বৰ্তমানৰ পৰিষদখনৰ কাৰ্যকাল অহা ৩ জুলাইত উকলি যাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত। ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাই...

হঠাতে চেনি খোৱা বন্ধ কৰিলে শৰীৰত কি কি সমস্যা হ’ব পাৰে?

চেনি নোখোৱাটো সদায় স্বাস্থ্যৰ বাবে ভাল। কিন্তু হঠাৎ চেনি...

ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ পিছতে প্ৰকাশ পালে উপগ্ৰহৰ প্ৰথমখন ছবি

দেওবাৰ পুৱতি নিশা (ভাৰতীয় সময় অনুসৰি) ইৰাণৰ তিনিটা পৰমাণু...

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক। ইংলেণ্ডৰ বাৰ্মিংহামৰ পৰা বিমানখন দিল্লীলৈ...