জুনত কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন, সেউজ কাৰ্বি পাহাৰত ৰাজনীতিৰ উত্তাপ!

সেউজ কাৰ্বি পাহাৰত অনুভূত হ’বলৈ লৈছে ৰাজনীতিৰ উত্তাপ। জিলাখনত আৰম্ভ হৈছে পৰিষদীয় নিৰ্বাচনৰ তৎপৰতা। ইতিমধ্যে শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ কাৰ্বি আংলং জিলা ভ্ৰমণ কৰি গৈছে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত অলক কুমাৰে। এই ভ্ৰমণকালতে বিষয়াগৰাকীয়ে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু সংশ্লিষ্ট অন্যান্য বিষয়াসকলৰ লগত আলোচনাত মিলিত হয় আৰু নিৰ্বাচনী আয়োজন সন্দৰ্ভত আলোচনা চলায়। পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আয়ুক্ত কুমাৰে প্ৰকাশ কৰা মতে জুন মাহত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে কাৰ্বি আংলঙৰ বৰ্তমানৰ পৰিষদখনৰ কাৰ্যকাল অহা ৩ জুলাইত উকলি যাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...