কপিল দেৱক আমন্ত্ৰণ নজনোৱাক লৈ গৰম ৰাজনীতি

বিশ্বকাপ জয়ৰ সপোন আধৰুৱা হৈ ৰ’ল ৰোহিত বাহিনীৰ। চকুলো টুকি খেল পথাৰ এৰিলে টীম ইণ্ডিয়াই। কিন্তু ষষ্ঠবাৰৰ বাবে অষ্ট্ৰেলিয়াই বিশ্বকাপ জয় কৰিও বিশ্বকাপৰ প্ৰতি সন্মান প্ৰদৰ্শন নকৰিলে নেকি? এটা দৃশ্যই এনে কিছুমান প্ৰশ্নৰ অৱতাৰণা কৰিছে। ইফালে বিশ্বকাপ আয়োজকৰ কিছু বিতৰ্কিত সিদ্ধান্তকলৈও তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিয় ফাইনেললৈ আমন্ত্ৰণ জনোৱা নহ’ল প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰি ভাৰতক গৌৰৱান্বিত কৰা কপিল দেৱক? কিয় ফাইনেলত উপস্থিত নাথাকিল আনজন বিশ্বকাপ জয়ী অধিনায়ক মহেন্দ্ৰ সিং ধোনী?

সপোন পূৰণ নহ’ল টীম ইণ্ডিয়াৰ
আহমেদাবাদত ১৪২ কোটি ভাৰতীয়ৰ সপোন ধূলিসাৎ
ক্ৰিকেট বিশ্বকাপত ভৰি তুলি বহিল অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ
মিছেল মাৰ্চৰ আচৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া
মোক বিশ্বকাপৰ ফাইনেললৈ নামাতিলে : কপিল দেৱ
‘ভাবিছিলো ’৮৩ বিশ্বকাপ জয়ী দলটোক আমন্ত্ৰণ জনাব’
ধোনীও উপস্থিত নাথাকিল নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত
কপিল দেৱক আমন্ত্ৰণ নজনোৱাক লৈ গৰম ৰাজনীতি
‘মল্লযুঁজাৰুৰ প্ৰতিবাদক সমৰ্থন জনোৱাৰ বাবে অনিমন্ত্ৰিত কপিল দেৱ’

বিশ্বকাপ ফুটবল জয়ৰ সপোন সাৰ্থক হোৱাৰ পিছত বিশ্বকাপ বুকুত সাবটি সুখ নিদ্ৰা লিয়’নেল মেছিৰ। বিশ্বজুৰি চৰ্চা হৈছিল এই দৃশ্য। এইবাৰ ক্ৰিকেট বিশ্বকাপ জয়ৰ পিছত অষ্ট্ৰেলিয়াৰ খেলুৱৈ মিছেল মাৰ্চে বিশ্বকাপৰ প্ৰতি দেখুওৱা আচৰণে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভাৰতক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই বিশ্বকাপ নিজৰ দখললৈ আনিলে। কিন্তু সুসজ্জিত এই ট্ৰফীৰ প্ৰতি সন্মানো নাই নেকি অষ্ট্ৰেলিয়ান খেলুৱৈৰ। মিছেল মাৰ্চে চোফাত বহি ভৰি তুলি থলে বিশ্বকাপ ট্ৰফীত।

এয়া ‘সন্মান’ক অসন্মান!

এই দৃশ্য ভাইৰেল হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৬ষ্ঠ বাৰৰ বাবে বিশ্বকাপ জয় কৰা অষ্ট্ৰেলিয়াৰ খেলুৱৈৰ আচৰণে প্ৰকৃততে কি সূচাইছে। ছ’চিয়েল মিডিয়াত ট্ৰোল হৈছে মিছেল মাৰ্চ।

বহুতে লিখিলে এয়া অহংকাৰ

এই বিশ্বকাপৰ ফাইনেলক লৈ আন বহু বিতৰ্কৰো সৃষ্টি হৈছে। বিশ্বকাপৰ ফাইনেল খেললৈ আমন্ত্ৰণ নাপালে প্ৰথমবাৰৰ বাবে ভাৰতত বিশ্বকাপ আনি দিয়া ৮৩ৰ বিশ্বকাপ জয়ী ক্ৰিকেট দলৰ অধিনায়ক কপিল দেৱে। এই লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দেশজুৰি। কপিল দেৱৰ প্ৰতি দেখুওৱা আচৰণৰ প্ৰতিবাদত আমন্ত্ৰিত হৈ খেলখনত উপস্থিত নাথাকিল আনজন বিশ্বকাপ জয়ী কেপ্তেইন মহেন্দ্ৰ সিং ধোনী। বিষয়টোক লৈ গৰম হৈছে দেশৰ ৰাজনীতি।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশৰ অভিযোগ যৌন নিৰ্যাতনৰ বলি হোৱা মল্লযোদ্ধাৰ প্ৰতিবাদক সমৰ্থন জনোৱাৰ বাবেই অনিমন্ত্ৰিত কপিল দেৱ

এই মন্তব্যৰে মোদী চৰকাৰক আক্ৰমণ কৰিলে জয়ৰাম ৰমেশে। ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ পিছত এনে বহু বিতৰ্কৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহকলৈও ছ’চিয়েল মিডিয়াত ট্ৰোল কৰা দেখা গৈছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...