পুনৰ পৰিচালকৰ আসনত কংগনা ৰাণাৱট

গুৱাহাটী, ২৫ জুন, NKTV: বুধবাৰে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱটে সামাজিক মাধ্যম KOOত বলীউডৰ আহিবলগীয়া Emergencyশীৰ্ষক ছবি খনৰ পৰিচালনা কৰাৰ কথা প্ৰকাশ কৰে। এই ছবিখন ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইণ্ডিৰা গান্ধীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হ’ব।

অভিনেত্ৰীগৰাকীয়ে পৰিচালনা কৰা ছবিখনৰ কাহিনী লিখিব জনপ্ৰিয় স্ক্ৰিপ্ট ৰাইটাৰ ৰিতেশ ছাহে। ইয়াৰ পূৰ্বে ৰিতেশ ছাহে পিংক, কাহানী, কাহানী-২, ডি-ডে, ৰকি হেণ্ডচম আদিৰ দৰে বলীউডৰ কেইবাখনো ছবিৰ কাহিনী লিখিছিল।

Emergencyৰ কথা উল্লেখ কৰোতে তেওঁ কয় যে, “পুনৰবাৰ পৰিচালকৰ টুপি পিন্ধিবলৈ অনুপ্ৰেৰিত হৈছো, Emergency ছবিখনৰ বাবে ১ বছৰতৈ অধিক সময় কাম কৰি মই জানিব পাৰিছো যে মোতকৈ আন কোনেও এই ছবিখনৰ পৰিচালনা কৰিব নোৱাৰে। বিশিষ্ট লিখক ৰিতেশ ছাহৰ লগত কাম কৰিবৰ বাবে যদি মই বেলেগ ছবিৰ কাম এৰিব লাগে তাৰ বাবেও সাজু আছো। এক বিশেষ যুদ্ধৰ বাবে মই এতিয়া সাজু , #Emergency #INDIRA”। ইয়াৰ সমান্তৰালভাৱে অভিনেত্ৰীগৰাকীয়ে Emergency ছবিখন এখন পলিটিকেল ড্ৰামা বুলি উল্লেখ কৰি ইণ্ডিৰা গান্ধীৰ বায়’পিক নহয় বুলি জানিবলৈ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...