নিৰ্বাচনী যুঁজত বলীউডৰ কুইন কংগনা ৰানাৱট

আগন্তুক লোকসভা নিৰ্বাচনত যুঁজ দিবলৈ সাজু বলীউডৰ কুইন কংগনা ৰানাৱট। হিমাচল প্ৰদেশৰ মণ্ডিত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ কংগনাৰ। খোলা বাহনত উঠি শুভ্ৰ পোছাকেৰে জনতাৰ মাজত কংগনা। ক’লে মোক অভিনেত্ৰী বুলি পাহৰি যাওক মই মণ্ডিৰ জীয়ৰী।

নিৰ্বাচনী যুঁজত বলীউডৰ কুইন কংগনা ৰানাৱট
লোকসভা নিৰ্বাচনত যুঁজ দিবলৈ সাজু কংগনা
হিমাচল প্ৰদেশৰ মণ্ডিত বিজেপিৰ প্ৰাৰ্থী কংগনা ৰানাৱট
শুকুৰবাৰে মণ্ডিত কংগনাৰ মেগা ৰোড শ্বো

খোলা বাহনত উঠি জোৰদাৰ প্ৰচাৰ অভিযানত কংগনা। ক’লে মোক অভিনেত্ৰী বুলি পাহৰি যাওক, মই মণ্ডিৰ জীয়ৰী, মণ্ডিৰ ভগ্নী। মণ্ডিৰ সকলো মোৰ পৰিয়ালৰ অংশ। প্ৰচাৰৰ সময়ত কংগনাৰ মুখত শুনা গ’ল জয় শ্ৰী ৰাম ধ্বনি। মোডী, নাড্ডাৰ নামত দিলে জয় শ্ৰী ৰাম ধ্বনি। ইপিনে ৰাজনীতিত নামিয়েই সলনি হ’ল বলীউড কুইনৰ সাজসজ্জা। ৰংচঙীয়া পোছাকৰ পৰিৱৰ্তে কংগনাই পৰিধান কৰিলে সাধাৰণ পোছাক। শুভ্ৰ পোছাক পৰিধান কৰি প্ৰচাৰত নামিল কংগনা। পুষ্প সজ্জিত খোলা বাহনত উঠি কংগনাৰ চমক। কংগনাৰ ৰোড শ্বোত দেখা গ’ল অগণন লোকৰ ভিৰ। কোনোৱে যদি আগবঢ়াইছে ফুলৰ থোপা কোনোৱে পিন্ধালে কংগনাক মালা। সাংবাদিকে সোধা প্ৰশ্নৰো সাৱলীলভাৱে উত্তৰ দিলে কংগনাই।

এক প্ৰকাৰ বলীউডৰ মণিকৰ্ণিকা হৈ পৰিছে বাস্তৱৰ ৰাজনীতিৰ কুইন। বিজেপিৰ জয়গানেৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ। আকৰ্ষণীয় নিৰ্বাচনী প্ৰচাৰেৰে ভোটাৰৰ হৃদয় জিনাৰ চেষ্টা কংগনাৰ। বিৰোধীৰ কটাক্ষ, সমালোচনাক কোনো কেৰেপ নকৰা কংগনা ৰাজনীতিৰ ক্ষেত্ৰখনত কিমান সফল হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব। কিন্তু বৰ্তমানৰ প্ৰেক্ষাপটত বিজেপিৰ হৈ ৰাজনীতিৰ ৰণাংগনত নমা কংগনা ৰানাৱটৰ স্থিতি শক্তিশালী বুলি চৰ্চা চলিছে হিমাচলৰ লগতে দেশৰ ৰাজনীতিত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৌদ্ধ মঠত ধ্যান কৰি থাকোঁতেই ম্যানমাৰ সেনাৰ এয়াৰষ্ট্ৰাইক, মৃত্যু ১৪জনৰ

ম্যনমাৰত পুনৰ ভয়ংকৰ এয়াৰষ্ট্ৰাইক। শুকুৰবাৰে ম্যানমাৰৰ কেন্দ্ৰীয় চাগাইং অঞ্চলৰ...

চেনিৰ দামবৃদ্ধি ৰোধ আৰু উৎসৱৰ বতৰত পৰ্যাপ্ত যোগান নিশ্চিত কৰিবলৈ চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

উৎসৱৰ বতৰ সমাগত হোৱাৰ প্ৰাকমুহূৰ্তত দেশত চেনিৰ মূল্যবৃদ্ধি ৰোধ...

ইউক্ৰেইনৰ বাবে নতুন সংকট: ৰাছিয়াক শক্তিশালী ‘কেএন-৩০’ বেলেষ্টিক মিছাইল যোগান উত্তৰ কোৰিয়াৰ

ইউক্ৰেইনৰ বিৰুদ্ধে চলাই থকা যুদ্ধৰ মাজতে ৰাছিয়াই উত্তৰ কোৰিয়াৰ...

পদত্যাগৰ পিছত পুনৰ সক্ৰিয় ধৰ্মেন্দ্ৰ প্ৰধান: ‘Gen Z’ আৰু যুৱ প্ৰজন্মক লক্ষ্য কৰি বিশ্ববিদ্যালয়সমূহত সম্পৰ্ক অভিযান

পেপাৰ লিক সংক্ৰান্তীয় বিতৰ্ক আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয়...