জ্যেষ্ঠ সাংবাদিক, ঔপন্যাসিক বুলন কুমাৰ শইকীয়া আৰু নাই

জনপ্ৰিয় সাংবাদিক, নিবন্ধকাৰ আৰু ঔপন্যাসিক বুলন কুমাৰ শইকীয়াৰ বৃহস্পতিবাৰে পুৱা নাহৰকটীয়াৰ নিজা বাসগৃহত মৃত্যু হয়। দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল শইকীয়া।

বুলন কুমাৰ শইকীয়া কেইবাখনো জনপ্ৰিয় গ্ৰন্থৰ স্ৰষ্টা আছিল। সাংবাদিকতাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অশেষ, লগতে সাহিত্যৰ ক্ষেত্ৰতো নিৰৱিচ্ছিন্নভাৱে সৃষ্টিশীলতাৰ নিদৰ্শন দাঙি ধৰিছিল শইকীয়াই। তেওঁৰ কলমৰ পৰা “আৰাকান ইণ্টেল”ৰ দৰে বহুল জনপ্ৰিয় গ্ৰন্থ প্ৰকাশিত হৈছে। শেহতীয়াকৈ, তেওঁ “চি ইন চি” নামৰ এখন গ্ৰন্থৰ কাম কৰি আছিল, যদিও সেই গ্ৰন্থখন প্ৰকাশৰ পথত আছিল।

বুলন কুমাৰ শইকীয়াৰ মৃত্যুত ৰাজ্যৰ সাংবাদিকতা আৰু সাহিত্যৰ জগতখনত শোকৰ ছাঁ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...