জ্যেষ্ঠ সাংবাদিক, ঔপন্যাসিক বুলন কুমাৰ শইকীয়া আৰু নাই

জনপ্ৰিয় সাংবাদিক, নিবন্ধকাৰ আৰু ঔপন্যাসিক বুলন কুমাৰ শইকীয়াৰ বৃহস্পতিবাৰে পুৱা নাহৰকটীয়াৰ নিজা বাসগৃহত মৃত্যু হয়। দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল শইকীয়া।

বুলন কুমাৰ শইকীয়া কেইবাখনো জনপ্ৰিয় গ্ৰন্থৰ স্ৰষ্টা আছিল। সাংবাদিকতাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অশেষ, লগতে সাহিত্যৰ ক্ষেত্ৰতো নিৰৱিচ্ছিন্নভাৱে সৃষ্টিশীলতাৰ নিদৰ্শন দাঙি ধৰিছিল শইকীয়াই। তেওঁৰ কলমৰ পৰা “আৰাকান ইণ্টেল”ৰ দৰে বহুল জনপ্ৰিয় গ্ৰন্থ প্ৰকাশিত হৈছে। শেহতীয়াকৈ, তেওঁ “চি ইন চি” নামৰ এখন গ্ৰন্থৰ কাম কৰি আছিল, যদিও সেই গ্ৰন্থখন প্ৰকাশৰ পথত আছিল।

বুলন কুমাৰ শইকীয়াৰ মৃত্যুত ৰাজ্যৰ সাংবাদিকতা আৰু সাহিত্যৰ জগতখনত শোকৰ ছাঁ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...