জনতা ভৱনত জলসিঞ্চন আৰু কৃষি বিভাগৰ যুটীয়া বৈঠক

মন্ত্ৰী অশোক সিংহল আৰু অতুল বৰাৰ অংশগ্ৰহণেৰে জনতা ভৱনত জলসিঞ্চন আৰু কৃষি বিভাগৰ যুটীয়া বৈঠক

পাৰস্পৰিক আন্তঃগাঁথনি আৰু প্ৰযুক্তিৰ ব্যৱহাৰেৰে সমন্বয়েৰে কাম কৰাৰ সিদ্ধান্ত দুয়োটা বিভাগৰ

ৰাজ্যৰ কৃষিখণ্ডৰ উত্তৰণত অবিৰত আৰু সময়োপযোগী জলসিঞ্চনৰ গুৰুত্বৰ কথা বিবেচনা কৰি দুয়োটা বিভাগৰ কাম-কাজত সামঞ্জস্য অনাৰ লক্ষ্যৰে কৃষিমন্ত্ৰী অতুল বৰাৰ জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভাগৃহত আজি জলসিঞ্চন আৰু কৃষি বিভাগৰ এখন বিশেষ যুটীয়া বৈঠক অনুষ্ঠিত হয়। কৃষিমন্ত্ৰী অতুল বৰা আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহলৰ লগতে দুয়োটা বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত আন্তঃবিভাগীয় সমন্বয়ৰ মাধ্যমেৰে কৃষক ৰাইজ উপকৃত হব পৰাকৈ বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আজিৰ বৈঠকত হোৱা সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা দুয়োটা বিভাগেই উমৈহতীয়া লক্ষ্যৰ বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত পৰস্পৰৰ আন্তঃগাঁথনি আৰু প্ৰযুক্তি ব্যৱহাৰ কৰিব। কৃষি বিভাগৰ পৰামৰ্শ অনুসৰি জলসিঞ্চন বিভাগে নিৰ্দিষ্ট এলেকাত প্ৰকল্প হাতত লব, একেদৰে জলসিঞ্চন বিভাগৰ প্ৰকল্পই সামৰি লোৱা এলেকাসমূহৰ কৃষক ৰাইজক বছৰত দুই বা ততোধিক খেতি কৰাৰ বাবে কৃষি বিভাগে উৎসাহিত কৰিব। ক্ষেত্ৰ পৰ্যায়ত দুয়ো বিভাগৰ বিষয়ববীয়াসকলে সমন্বয় ৰক্ষাৰে কাম কৰাৰ লগতে প্ৰতিমাহে দুয়োটা বিভাগৰ শীৰ্ষ বিষয়াসকলে যুটীয়া পৰ্যালোচনা বৈঠকত মিলিত হব। আনহাতে দুয়োগৰাকী মন্ত্ৰীয়েও যুটীয়াভাৱে সঘনে বিভিন্ন অঞ্চল ভ্ৰমণ কৰি জলসিঞ্চনৰ মাধ্যমেৰে কৃষিখণ্ডক শক্তিশালীকৰণৰ বাবে ৰাইজক উদ্বুদ্ধ কৰিব বুলিও আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয়।

বৈঠকত জলসিঞ্চন বিভাগৰ অতিৰিক্ত মুখ্য সচিব এছ আব্বাছী, কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উপাদন আয়ুক্ত ডঃ আশীষ কুমাৰ ভূটানী, জলসিঞ্চন বিভাগৰ আয়ুক্ত-সচিব এম এছ মনিৱন্নন, সচিব পৱিত্ৰৰাম খাউণ্ড আৰু কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগুৰ লগতে দুয়োটা বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...