সন্ত্ৰাসবাদীৰ আক্ৰমণক লৈ পুনৰ আতংক

সন্ত্ৰাসবাদীৰ আক্ৰমণক লৈ পুনৰ আতংক
কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ৫ সেনা
ঝাৰখণ্ডত মাওবাদীয়ে উৰুৱালে ৰে’ল লাইন

৫জনলৈ বৃদ্ধি পাইছে কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা সেনাৰ সংখ্যা। চিকিৎসালয়ত মৃত্যু হৈছে পঞ্চমজন সেনাৰ। বৃহস্পতিবাৰে বিয়লি জম্মু–কাশ্মীৰৰ পুঞ্চ আৰু ৰাজৌৰী জিলাৰ সীমামূৰীয়া অঞ্চলত সংঘটিত হৈছিল সন্ত্ৰাসবাদীৰ আক্ৰমণ।

সেনা কঢ়িয়াই অনা এখন ট্ৰাক আৰু এখন জীপত আক্ৰমণ চলায় সন্ত্ৰাসবাদীয়ে
বিয়লি প্ৰায় ৪ বজাত সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ সংঘটিত কৰে
স্বয়ংক্ৰিয় ৰাইফল, গ্ৰেণেড লঞ্চাৰেৰে চলে আক্ৰমণ

বুধবাৰে গভীৰ নিশা ডেৰা কী গলিত সেনাই অভিযান চলাইছিল। সেই অভিযানত অংশ লৈছিল ৰাষ্ট্ৰীয় ৰাইফলছৰ জোৱানে। ইয়াৰ পিছতে ৰাষ্ট্ৰীয় ৰাইফলছৰ জোৱানৰ গাড়ীত সন্ত্ৰাসবাদীয়ে চলাই আক্ৰমণ। সংক্ৰীৰ্ণ পাহাৰীয়া পথেৰে জীপ আৰু ট্ৰাকেৰে সেনা আহি থকা অৱস্থাতে আক্ৰমণ সংঘটিত কৰে সন্ত্ৰাসবাদীয়ে।

সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে ব্যাপক অভিযান সেনাৰ
বনাঞ্চলত চলিছে সেনাৰ অভিযান

আক্ৰমণ সংঘটিত কৰা সন্ত্ৰাসবাদীৰ পাকিস্তানৰে সংযোগ থকাৰ সন্দেহ কৰিছে চোৰাংচোৱাই। ইতিমধ্যে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে লস্কৰ–ই–তৈবাৰ শাখা সংগঠন দ্য পিপলছ এণ্টি ফেচিচ ফ্ৰণ্টে। সেনাই ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে বিভিন্ন সামগ্ৰী। এটা বিষয় চৰ্চা হৈছে যে ২০১৯ চনৰ পিছত পুঞ্চ আৰু ৰাজৌৰী সন্ত্ৰাসবাদী মুক্ত অঞ্চল হিচাপে চিনাক্ত হৈছিল। কিন্তু ইয়াৰ পিছতো অঞ্চলটোত সন্ত্ৰাসবাদীৰ এনে আক্ৰমণে আতংক বিয়পাইছে। পুনৰ অঞ্চলটোত সন্ত্ৰাসবাদীয়ে বাহৰ পাতিছে। যোৱা এটা মাহত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত ২৭টা সন্ত্ৰাসবাদী নিহত হৈছে। ১৪জন সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানে প্ৰাণ হেৰুৱাইছে। সেনাৰ সূত্ৰই দাবী কৰিছে অঞ্চলটোত ২০ৰ পৰা ২৫টা সন্ত্ৰাসবাদী সক্ৰিয় হৈ আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...