আকাংক্ষা ভাগৱতীলৈ জন আব্ৰাহাম শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা

প্ৰথমবাৰৰ বাবে চলচিত্ৰ পৰিচালনা কৰা আকাংক্ষা ভাগৱতীয়ে সন্মানীয় ‘জন আব্ৰাহাম শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা’ লাভ কৰিছে। এই বঁটা সন্মানীয় SIGNS চলচিত্ৰ মহোৎসৱ, (কেৰেলা)ৰ দ্বাৰা প্ৰদান কৰা হয়। ফেডাৰেশ্যন অব ফিল্ম চচাইটিজ অব ইণ্ডিয়াৰ, কেৰেলামৰ দ্বাৰা এই মহোৎসৱ অনুষ্ঠিত কৰা হৈছিল। যিখন এখন বিশেষ চলচিত্ৰ মহোৎসৱ, য’ত তথ্যচিত্ৰ আৰু চুটি ছবিৰ এক বিশেষ প্ৰতিযোগিতা অনুস্থিত কৰা হয় আৰু সন্মানীয় জন আব্ৰাহাম বঁটা প্ৰদান কৰা হয়। অসমৰ বিশিষ্ট চলচিত্ৰ প্ৰযোজক/পৰিচালক পাৰ্থজিৎ বৰুৱাৰ তথ্যচিত্ৰ “ঈশ্বৰৰ সন্তান”(The Children of God)ৰ সহকাৰী পৰিচালনাৰে চলচিত্ৰ জগতত প্ৰৱেশ কৰা আকাংক্ষা ভাগৱতী তেজপুৰ বিশ্ববিদ্যালয়ৰ গন সংযোগ(Mass com.)


বিভাগৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী। এই সম্পৰ্কত আকাংক্ষাই মন্তব্য প্ৰকাশ কৰি কয় যে, ‘ম‌ই কোনো চলচিত্ৰৰ স্কুলত অধ্যয়ন কৰা নাই। কিন্তু ‘কুমু’ৰ যি কাহিনী ম‌ই প্ৰস্তুত কৰিছিলোঁ, সেই কাহিনীয়ে মোৰ অন্তৰ স্পৰ্শ কৰি গৈছিল আৰু তাকে ম‌ই চলচিত্ৰৰ মাধ্যমেৰে উলিয়াই আনিবলৈ চেষ্টা কৰিছিলোঁ। আৰু শেষত এই ছবিখনেই মোক ইমান এটা সন্মানীয় পুৰস্কাৰ প্ৰদান কৰাত ম‌ই অতিশয় আনন্দিত হৈ পৰিছোঁ।’ “কুমু” ৰ মাধ্যমেৰে ,অসমৰ সেউজ সম্পদ চাহবাগানৰ ,এজনী ১২বছৰীয়া আদিবাসী ছোৱালীৰ জীৱন গাঁঠা দেখুওৱা হৈছে, যি নেকি নিজৰ সুখ, আশা, শৈশৱ, শিক্ষা, সৌন্দৰ্য, সপোন আৰু মুক্ত জীৱনৰ সকলোখিনিয়েই নিঃশেষ কৰিবলৈ বাধ্য হৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পতন হ’বলৈ আৰম্ভ কৰিছে ইলন মাস্কৰ ষ্টাৰলিংকৰ উপগ্ৰহ!

মাৰ্কিন ধন কুবেৰ ইলন মাস্কৰ ষ্টাৰলিংক উপগ্ৰহ গাঁথনিত সংকট।...

বিপদত অবৈধ ভাৰতীয়, এইবাৰ ব্ৰিটেইনত অনুপ্ৰৱেশকাৰীক বিচাৰি অভিযান

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অনুকৰণত এইবাৰ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ...

কোন হ’ব মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

মণিপুৰত কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী? সিদ্ধান্তলৈ আহিব পৰা নাই...

যৌতুকৰ বাবে পত্নীক হ*ত্যা! ৭০ হাজাৰ টকা দি মৃতদেহ লৈ যাবলৈ ক’বলৈ শাহুৱেকক

ফেচবুক প্ৰেমৰ ভয়ংকৰ পৰিণতি। প্ৰথমে প্ৰেম তাৰ পিছত বিবাহ,...