আকাংক্ষা ভাগৱতীলৈ জন আব্ৰাহাম শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা

প্ৰথমবাৰৰ বাবে চলচিত্ৰ পৰিচালনা কৰা আকাংক্ষা ভাগৱতীয়ে সন্মানীয় ‘জন আব্ৰাহাম শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা’ লাভ কৰিছে। এই বঁটা সন্মানীয় SIGNS চলচিত্ৰ মহোৎসৱ, (কেৰেলা)ৰ দ্বাৰা প্ৰদান কৰা হয়। ফেডাৰেশ্যন অব ফিল্ম চচাইটিজ অব ইণ্ডিয়াৰ, কেৰেলামৰ দ্বাৰা এই মহোৎসৱ অনুষ্ঠিত কৰা হৈছিল। যিখন এখন বিশেষ চলচিত্ৰ মহোৎসৱ, য’ত তথ্যচিত্ৰ আৰু চুটি ছবিৰ এক বিশেষ প্ৰতিযোগিতা অনুস্থিত কৰা হয় আৰু সন্মানীয় জন আব্ৰাহাম বঁটা প্ৰদান কৰা হয়। অসমৰ বিশিষ্ট চলচিত্ৰ প্ৰযোজক/পৰিচালক পাৰ্থজিৎ বৰুৱাৰ তথ্যচিত্ৰ “ঈশ্বৰৰ সন্তান”(The Children of God)ৰ সহকাৰী পৰিচালনাৰে চলচিত্ৰ জগতত প্ৰৱেশ কৰা আকাংক্ষা ভাগৱতী তেজপুৰ বিশ্ববিদ্যালয়ৰ গন সংযোগ(Mass com.)


বিভাগৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী। এই সম্পৰ্কত আকাংক্ষাই মন্তব্য প্ৰকাশ কৰি কয় যে, ‘ম‌ই কোনো চলচিত্ৰৰ স্কুলত অধ্যয়ন কৰা নাই। কিন্তু ‘কুমু’ৰ যি কাহিনী ম‌ই প্ৰস্তুত কৰিছিলোঁ, সেই কাহিনীয়ে মোৰ অন্তৰ স্পৰ্শ কৰি গৈছিল আৰু তাকে ম‌ই চলচিত্ৰৰ মাধ্যমেৰে উলিয়াই আনিবলৈ চেষ্টা কৰিছিলোঁ। আৰু শেষত এই ছবিখনেই মোক ইমান এটা সন্মানীয় পুৰস্কাৰ প্ৰদান কৰাত ম‌ই অতিশয় আনন্দিত হৈ পৰিছোঁ।’ “কুমু” ৰ মাধ্যমেৰে ,অসমৰ সেউজ সম্পদ চাহবাগানৰ ,এজনী ১২বছৰীয়া আদিবাসী ছোৱালীৰ জীৱন গাঁঠা দেখুওৱা হৈছে, যি নেকি নিজৰ সুখ, আশা, শৈশৱ, শিক্ষা, সৌন্দৰ্য, সপোন আৰু মুক্ত জীৱনৰ সকলোখিনিয়েই নিঃশেষ কৰিবলৈ বাধ্য হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...