বিৰাট কোহলীয়ে নগঢ়া অভিলেখ গঢ়িলে জ’ ৰুটে!

ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেট টেষ্টত ইংলেণ্ডৰ বৰ্তমানৰ দুৰ্দান্ত বেটাৰ জ’ ৰুটে গঢ়িলে অন্য এক অবিশ্বাস্য ৰেকৰ্ড। টেষ্ট ক্ৰিকেটৰ ইতিহাসত ১০ হাজাৰ ৰান সংগ্ৰহ কৰা চতুৰ্দশগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে।

নিউজিলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত হোৱা টেষ্ট মেচত এই অভিলেখ গঢ়ে ৰুটে। টেষ্ট ক্ৰিকেটত ১০ হাজাৰ ৰান সংগ্ৰহ কৰা ইংলেণ্ডৰ দ্বিতীয়জন বেটাৰ হৈছে জ’ ৰুট। ইয়াৰ পূৰ্বে এই অভিলেখ গঢ়িছিল এলিষ্টাৰ কুকে। কিন্তু আপুনি জানেনে যে টেষ্ট ক্ৰিকেটত ৰুটৰ পূৰ্বেই কোন কোন কিংবদন্তী খেলুৱৈই ১০ হাজাৰ ৰাণ সংগ্ৰহ কৰিছিল? আপুনি জানি আচৰিত হব যে এই তালিকাখনত আছে কেৱল ৩জন ভাৰতীয় বেটাৰ।

টেষ্ট ক্ৰিকেটত ১০,০০০ ৰাণ সংগ্ৰহ কৰা বেটাৰ সকল হৈছে সুনীল গাভাস্কাৰ, এলান বৰ্ডাৰ, ষ্টিভ ৱাগ, ব্ৰায়ান লাৰা, শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড়, ৰিকি পণ্টিং, জাক কালিছ, মাহেলা জয়ৱৰ্দনা, শিৱনাৰিন চন্দ্ৰপল, কুমাৰ চাংগাকাৰা, এলিষ্টাৰ কুক, য়নিছ খান আৰু এতিয়া জ’ ৰুট।


উলেখযোগ্য যে, টেষ্টত ১০ হাজাৰ ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটাৰ আছিল সুনীল গাভাস্কাৰ। ১৯৮৭ চনত গাভাস্কাৰে গঢ়িছিল এই বিৰল অভিলেখ। ২০১২ চনৰ ডিচেম্বৰত ক্ৰিকেটত আত্মপ্ৰকাশ কৰাৰ পিছত ৰুট ইংলেণ্ড দলৰ মুখ্য বেটাৰ হিচাপে পৰিগণিত হৈছে। ১১৭ খন টেষ্টত ৰুটে ৪৯.১৯ গড়ে ৯,৮৮৯ ৰাণ সংগ্ৰহ কৰিছে আৰু ২৫টা শতকো অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ৰুট হৈছে টেষ্ট ইতিহাসৰ প্ৰথমজন বেটাৰ যিয়ে ১০ বছৰতকৈ কম সময়ৰ ভিতৰত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰিছে। মন কৰিবলগীয়া কথা যে, টেষ্ট ক্ৰিকেটৰ ১০ হাজাৰ ক্লাবত নাই আপোনাৰ মোৰ প্ৰিয় খেলুৱৈ বিৰাট কোহলিৰ নাম! কোহলিয়ে এতিয়ালৈকে টেষ্ট ক্ৰিকেটত মুঠ ৮,০৪৩ ৰাণ সংগ্ৰহ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...