উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভমেলা। পাপ মোচন কৰিবলৈ ত্ৰিবেণী সংগমলৈ গৈছে দেশৰ ভিন্ন প্ৰান্তৰ লোক। মহাকুম্ভমেলাৰ এই সময়চোৱাত সংঘটিত হৈছে কেইবাটাও শোকাৱহ ঘটনা। এইবোৰৰ মাজতে পোহৰলৈ আহিছে চাঞ্চল্যৰ সৃষ্টি কৰা আন এক ঘটনা। মাতৃক বন্ধ কোঠাত সোমোৱাই থৈ মহাকুম্ভত পাপ মোচন কৰিবলৈ গ’ল পুত্ৰ।
এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডত। য’ত বৃদ্ধা মাতৃক বন্ধ কোঠাত সোমোৱাই থৈ শহুৰ-শাহুৰ, পত্নীৰ সৈতে মহাকুম্ভলৈ পাপ মোচন কৰিবলৈ গ’ল পুত্ৰ। ওচৰ চুবুৰীয়াই কোনো খবৰেই নাপালে বৃদ্ধাগৰাকী ঘৰৰ ভিতৰত আবদ্ধ হৈ থকাৰ কথা। ঘটনাৰ ৩দিন পিছত মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা। লগে লগে গে’টৰ তলা ভাঙি প্ৰতিবেশীসকলে উদ্ধাৰ কৰে মহিলাগৰাকীক। ভোকে, পিয়াহে বন্ধ ঘৰত আবদ্ধ হৈ থকা মহিলাগৰাকীক উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হয় হাস্পতালত।
বাৰে বাৰে কিয় এনে ঘটনা? কোনখন সমাজত জীয়াই আছো আমি? নোহোৱা হৈছে নেকি মানৱীয়তা? আধুনিকতাৰ ধামখুমীয়াত কংক্ৰিটৰ হৈ পৰিছে মানুহৰ মনবোৰ? ঝাৰখণ্ডৰ ৰামগড় জিলাত সংঘটিত হোৱা এই ঘটনাই সম্প্ৰতি উত্থাপন কৰিছে বহু প্ৰশ্নৰ। এই ঘটনাই যেন নীৰৱে বুজাই গ’ল আকৌ এবাৰ — ‘মানুহবোৰ মানুহ হৈ থকা নাই’।