বিশ্বৰ তৃতীয় ধনাঢ্য ব্যক্তিৰ বিয়া

বিশ্বৰ তৃতীয় ধনাঢ্য ব্যক্তিৰ বিয়া। বিবাহপাশত আৱদ্ধ হ’ল জেফ বেজছ। দীৰ্ঘদিনীয়া প্ৰেমিকা লৰেণ চাঞ্চেজৰে যুগ্মজীৱন আৰম্ভ।

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ল এই চৰ্চিত প্ৰেমিক যুগলৰ বিয়া। বিয়াৰ বাবে দুয়োৱে বাচি লৈছিল ভেনিচৰ আটাইতকৈ ৰোমাণ্টিক স্থান। য’ত স্থানীয় শিল্পীৰ নিপুন হাতৰ পৰশত প্ৰাণ পাই উঠিছে পৰম্পৰাগত বিভিন্ন বৈশিষ্ট। অতি জাক-জমকতাৰ পৰিৱৰ্তে পৰম্পৰাগত শৈলিকহে গুৰুত্ব দিয়া দেখা গ’ল এই বিয়াখনত। দেশী-বিদেশী ২০০ গৰাকী অতিথিৰ উপস্থিতিতে সাংসাৰিক জীৱন আৰম্ভ কৰিলে দুয়ো।

২৭ জুনত বিবাহপাশত আৱদ্ধ জেফ-লৰেণ। ২৪ জুনৰ পৰাই আৰম্ভ হৈছিল দুয়োৰে বিবাহ অনুষ্ঠান। সম্প্ৰতি বিশ্ববাসীৰ দৃষ্টি নিৱদ্ধ হৈ আছে এই বিয়াখনত। বিয়াৰ ৮০ শতাংশ সামগ্ৰী স্থানীয় বিক্ৰেতাৰ পৰাই ক্ৰয় কৰিছিল জেফ আৰু লৰেণে। বিয়াৰ অতিথিক আপ্যায়ন কৰিলে চহৰখনৰ আটাইতকৈ পুৰণি পেষ্ট্ৰি নিৰ্মাতা ৰোজা ছালভাই। চহৰখনৰ মুৰানো গ্লাচৰ বাবে পৰিচিত লাগুনা বিয়ে তৈয়াৰ কৰিলে বিয়াৰ বিভিন্ন সামগ্ৰী।

২০০ গৰাকী অতিথিৰ মাজত আছিল ছালমা হায়েক পিনাল্ট, মিৰাণ্ডা কেৰ, বাৰ্ব্ৰা ষ্ট্ৰেইছেণ্ড, ছুকি ৱাটাৰহাউছ, ৰবাৰ্ট পেটিনছন, অপ্ৰাহ উইনফ্ৰে আৰু ডনাল্ড ট্ৰাম্পৰ জীয়ৰী ইভাংকা ট্ৰাম্প আদিৰ একাংশ জনপ্ৰিয় লোক। অতিথিসকলৰ বাবে বেলমণ্ড চিপ্ৰিয়ানি, গ্ৰীটি পেলেচ, আমান ভেনিচৰ দৰে বিলাসী বাসস্থানৰ ব্যৱস্থা কৰা হৈছিল। এইসমূহৰ মাজতে আন এটা চৰ্চিত বিষয় লৰেণ চাঞ্চেজৰ কইনাৰ সাজযোৰ। কইনাৰ সাজযোৰ চাবলৈ উৎকণ্ঠিত হৈ আছে বহুজন। পিছে কঠোৰ গোপনীয়তাৰ মাজত ৰখা হৈছিল এই কইনা সাজ। বিশেষভাৱে ডিজাইন কৰা হৈছিল কইনাৰ গাউন। Vogue আৰু আন্না উইণ্টুৰে তৈয়াৰ কৰিছে কইনা লৰেণ চাঞ্চেজৰ পোচাকযোৰ। যি গাউনত বিশ্ববিখ্যাত ভেলেণ্টিনো, ডলচে এণ্ড গাবানা, অস্কাৰ ড্যা লা ৰেণ্টাৰৰ ডিজাইনৰ প্ৰভাৱ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...