মংগল গ্ৰহৰ উপগ্ৰহ ফ’বছৰ ৰহস্য ভেদৰ লক্ষ্যৰে জাপানৰ বিশেষ মহাকাশ অভিযান। ফ’বছৰ পৰা শিল আৰু ধূলিকণা সংগ্ৰহ কৰি পৃথিৱীলৈ ঘূৰাই অনাৰ পৰিকল্পনা জাপানৰ মহাকাশ গৱেষণা সংস্থাৰ।
মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে জাপানে। মংগল গ্ৰহৰ দুটা উপগ্ৰহৰ ভিতৰত বৃহত্তৰ উপগ্ৰহ ফ’বছৰ পৰা নমুনা সংগ্ৰহ কৰি পৃথিৱীলৈ ঘূৰাই অনাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে ‘মংগল মুনছ এক্সপ্ল’ৰেচন’ বা এম এম এক্স(MMS) অভিযান। জাপানৰ মহাকাশ গৱেষণা সংস্থা জাক্সাৰ( JAXA) নেতৃত্বত পৰিচালিত এই অভিযান সফল হ’লে মংগল গ্ৰহ বা ইয়াৰ কোনো উপগ্ৰহৰ পৰা প্ৰথমবাৰৰ বাবে নমুনা পৃথিৱীলৈ ঘূৰাই অনা সম্ভৱ হ’ব।

বিজ্ঞানীসকলৰ বাবে এই অভিযান বিশেষ গুৰুত্বপূৰ্ণ। কিয়নো, ইয়াৰ জৰিয়তে মংগলৰ উপগ্ৰহ ফ’বছ আৰু ডিম’চৰ উৎপত্তি সম্পৰ্কে দীৰ্ঘদিনীয়া ৰহস্যৰ সমাধানৰ পথ মুকলি হ’ব পাৰে। এই উপগ্ৰহ দুটা প্ৰকৃততে গ্ৰহাণুৰ পৰা সৃষ্টি হৈছিল নে মংগল গ্ৰহৰ সৈতে সংঘৰ্ষৰ ফলত নিৰ্গত হোৱা পদাৰ্থৰ পৰা গঠন হৈছিল, সেই বিষয়ে বিজ্ঞানীসকলৰ মাজত এতিয়াও মতভেদ আছে।
পৰিকল্পনা অনুসৰি, মহাকাশযানখনে ২০২৭ চনৰ আগষ্ট মাহত মংগলৰ কক্ষপথৰ অঞ্চলত উপস্থিত হোৱাৰ কথা। প্ৰথমে ডিম’চৰ অধ্যয়ন কৰাৰ পাছত অভিযানটোৱে ফ’বছৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব। ফ’বছৰ পৃষ্ঠভাগৰ প্ৰকৃতি আৰু ভূ-গঠন অধ্যয়নৰ বাবে এখন সৰু ৰ’ভাৰো ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ পাছত উপগ্ৰহটোৰ পৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰি এটা বিশেষ কেপছুলত সংৰক্ষণ কৰা হ’ব।
সংগ্ৰহ কৰা নমুনাসমূহ ২০৩১ চনত পৃথিৱীলৈ ঘূৰাই অনাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। কেপছুলটো অষ্ট্ৰেলিয়াৰ দক্ষিণ অংশৰ উমেৰা অঞ্চলত অৱতৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে।
এই অভিযানৰ জৰিয়তে প্ৰায় ১০ গ্ৰাম নমুনা সংগ্ৰহৰ লক্ষ্য লোৱা হৈছে। পৰিমাণত কম হ’লেও এই নমুনাই বিজ্ঞানীসকলক বহু গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিব পাৰে। অত্যাধুনিক পৰীক্ষাগাৰত নমুনাসমূহৰ ৰাসায়নিক গঠন, খনিজ পদাৰ্থ আৰু উৎপত্তি সম্পৰ্কে বিশ্লেষণ কৰা হ’ব। ইয়াৰ ফলত মংগল গ্ৰহৰ প্ৰাথমিক অৱস্থা আৰু সৌৰজগতৰ বিৱৰ্তন সম্পৰ্কেও নতুন তথ্য লাভ কৰাৰ সম্ভাৱনা আছে।

অৱশ্যে, ফ’বছৰ কম মাধ্যাকৰ্ষণ শক্তি আৰু অনিয়মীয়া পৃষ্ঠভাগৰ বাবে নমুনা সংগ্ৰহ কৰাটো সহজ নহ’ব। সেয়েহে, মহাকাশযানখনৰ অৱতৰণ, পৃষ্ঠভাগৰ অনুসন্ধান আৰু নমুনা সুৰক্ষিতভাৱে পৃথিৱীলৈ ঘূৰাই অনাৰ প্ৰতিটো পৰ্যায়েই হ’ব অভিযানটোৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান।
উল্লেখযোগ্য যে, মহাকাশ গৱেষণাত ভাৰতেও ইতিমধ্যে গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে। ২০১৪ চনৰ ২৪ ছেপ্টেম্বৰত ভাৰতৰ মংগলযান অভিযান মংগল গ্ৰহৰ কক্ষপথত সফলতাৰে প্ৰৱেশ কৰিছিল। আনহাতে, ২০২৩ চনৰ ২৩ আগষ্টত চন্দ্ৰযান-৩ৰ সফল অৱতৰণেৰে ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলৰ ওচৰত মহাকাশযান অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে ইতিহাস ৰচনা কৰে।

এই ধাৰাবাহিকতাৰ পৰৱৰ্তী পদক্ষেপ হিচাপে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে চন্দ্ৰৰ পৰা নমুনা সংগ্ৰহ কৰি পৃথিৱীলৈ ঘূৰাই অনাৰ লক্ষ্যৰে চন্দ্ৰযান-৪ অভিযানৰ পৰিকল্পনা কৰিছে। ২০২৭ চনত এই অভিযান আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

জাপানৰ এম এম এক্স আৰু ভাৰতৰ চন্দ্ৰযান-৪ৰ দৰে অভিযানসমূহে মহাকাশ গৱেষণাক কেৱল দূৰৰ পৰা গ্ৰহ-উপগ্ৰহ পৰ্যবেক্ষণৰ মাজতে সীমাবদ্ধ নাৰাখি, সেইবোৰৰ পৰা সংগৃহীত পদাৰ্থৰ প্ৰত্যক্ষ বিশ্লেষণৰ দিশলৈ আগবঢ়াই নিছে। এই অভিযানসমূহৰ সফলতাই সৌৰজগতৰ উৎপত্তি, গ্ৰহ-উপগ্ৰহৰ গঠন আৰু মহাকাশৰ বিৱৰ্তন সম্পৰ্কে মানৱজাতিৰ জ্ঞান অধিক সমৃদ্ধ কৰাৰ আশা কৰা হৈছে।
