বান কমিল, ৰাজ্যত এইবাৰ জাপানীজ এনকেফেলাইটিছৰ সংহাৰ

বিপদে যেন লগা নেৰা হৈছে ৰাজ্যবাসীক। আহাৰমহীয়া বানে বিধ্বস্ত কৰি থৈ গ’ল ৰাজ্য। তাৰ মাজতেই এইবাৰ ভূতৰ ওপৰত দানহ পৰাদি ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ। কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদূৰ্ভাৱ। ৰহাৰ আমচৈত JEত আক্ৰান্ত হৈ এজনৰ মৃত্যু। মৃত কিশোৰটি আমচৈ নকুছিৰ ১৩ বছৰীয়া মাধুৰ্য কোঁৱৰ। ৮ দিনে GMCHত চিকিৎসাধীন হৈ আছিল মাধুৰ্য। চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় মাধুৰ্যৰ। যোগীঘোপাত JEত আক্ৰান্ত ১১জন লোক। নলবাৰীত JEত আক্ৰান্ত ৪০ জন লোক। বঙাইগাঁৱত JEত আক্ৰান্ত বৰ্তমানলৈ দুজন চিনাক্ত। বানৰ সংহাৰৰ পাছতে JEৰ আতংক নামনিত। JEৰ বাবে স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...