জনতা ভৱনত চলিছে চাফাই অভিযান, কিয় জানেনে?

জনতা ভৱনত চলিছে পুৰণি ফাইলৰ চাফাই অভিযান। সদ্ভাৱনা আঁচনিৰ জৰিয়তে নিস্পত্তি কৰা হৈছে সকলো পুৰণি ফাইল। যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে সদ্ভাৱনা প্ৰকল্প। ইতিমধ্যে নিস্পত্তি হোৱা ফাইলসমূহ নিয়া হৈছে গুডামলৈ। বছৰ বছৰ ধৰি ফাইলৰ দম বান্ধি আছিল জনতা ভৱনত। ১ ফেব্ৰুৱাৰীৰ পৰা বিভিন্ন বিভাগসমূহত আৰম্ভ হৈছে ফাইল চাফাই অভিযান। অতি প্ৰয়োজনীয় ফাইলসমূহ কৰা হৈছে সংৰক্ষণৰ ব্যৱস্থা। অহা ১০ মে’ৰ পূৰ্বে সকলো পুৰণি ফাইল নিস্পত্তি কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। বিভিন্ন ব্লকসমূহৰ পৰা পুৰণি ফাইলসমূহ নিয়া হৈছে গুডামলৈ। ব্লক ডি আৰু ব্লক ইৰ ওচৰতে স্থাপন কৰা হৈছে এটা গুডাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীৰ নতুন চামগুৰি সত্ৰত ঐতিহ্যমণ্ডিত মুখা নিৰ্মাণত ব্যস্ত লণ্ডনৰ শিল্পী

মাজুলীৰ ঐতিহ্যমণ্ডিত মুখাশিল্পই পুনৰ লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰিচয়। গুৰুজনাৰ...

ভাৰতত অব্যাহত মূল্যবৃদ্ধিৰ চাপ; আগষ্টত ভাৰতৰ পাইকাৰী মুদ্ৰাস্ফীতি ৯.৯২ শতাংশলৈ বৃদ্ধি

ভাৰতৰ পাইকাৰী মূল্যভিত্তিক মুদ্ৰাস্ফীতি আগষ্ট মাহত বৃদ্ধি পাই ৯.৯২...

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...