ৰাজকুমাৰ ৰাও-ভূমিৰ সৈতে দুৰ্দান্ত অভিনয় অৰুণাচলৰ চুমৰ

অৰুণাচলৰ এগৰাকী মোহময়ী অভিনেত্ৰী শেহতীয়াভাবে চৰ্চিত হৈছে। নাম চুম দৰং। ঘৰৰ ওচৰে-পাজৰে নাই কোনো চলচ্চিত্ৰ গৃহ। ৩ ঘণ্টাৰ বাট বুলিলেহে চিনেমা হলত চলচ্চিত্ৰ উপভোগ কৰিব পাৰে। ওচৰে-পাজৰে মানে সমীপৰ অসমলৈ আহিলেহে চাব পাৰে চিনেমা। পাচিঘাটত নাই কোনো চলচ্চিত্ৰ গৃহ। একধৰণৰ এক অঞ্চলত জন্ম গ্ৰহণ কৰি বিখ্যাত অভিনেত্ৰী হোৱাৰ সপোন দেখিলে বহুতে হাঁহিয়াতৰ পাত্ৰ কৰিছিল।

ফটো-ইণ্টাৰনেট

তাৰ পিছতো মনৰ একোণত একান্ত ইচ্ছা পুহি ৰাখিছিল। বধাই দো চিনেমাখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা চুম দৰঙৰ বাবে এয়া এক বৃহৎ প্ৰত্য়াহ্বান আছিল। ইচ্ছা আৰু একাগ্ৰতা থাকিলে জীৱনত সফলতা অৰ্জন কৰিব পাৰে তাৰ যেন অন্য এক নাম চুম। ৰাজকুমাৰ ৰাও আৰু ভূমে পেডনেকাৰৰ সৈতে অভিনয়ৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰি আবেগিক ২৯ বছৰীয়া অভিনেত্ৰীগৰাকী। দাৰাঙে কয়-মই সৰুৰে পৰা অভিনয় কৰিব বিচাৰিছিলো যদিও কাকো মুকলিভাবে এই কথা কব পৰা নাছিলো। অৰুণাচলৰ সৰু চহৰত এনে কথা কিভাবে গ্ৰহণ কৰে তাৰ বাবে মই বহুবাৰ ভাবিব লগা হৈছিল। অভিনেত্ৰীগৰাকীয়ে আৰু কয়-মোৰ গৃহ চহৰত এটাও থিয়েটাৰ হল নাই। গতিকে মই নিজে অভিনয় কৰা ছবিখনো মই চিনেমা হলত চাব নোৱাৰো। ৩ ঘণ্টা বাট অতিক্ৰমি অসমৰ কোনো চিনেমা হলত পৰিয়ালক চিনেমাখন দেখুওৱাৰ কথা ভাবিছোঁ।

ফটো-ইণ্টাৰনেট


আনহাতে, ৰাজকুমাৰ ৰাও আৰু ভূমিৰ সৈতে অভিনয়ৰ অভিজ্ঞতা সন্দৰ্ভত কয়-দুয়োগৰাকী বিশাল ব্যক্তিত্বৰ অধিকাৰী আৰু যথেষ্ট পৰিশ্ৰম কৰে। মই জানিছিলো তেওঁলোক যথেষ্ট অভিজ্ঞ আৰু জীৱনত সফলতা ইতিমধ্যে লাভ কৰিছে। তাৰ পিছতো শ্বুটিঙৰ সময়ত একেলগে বহি আলোচনা কৰিছিল, নজনা কথাবোৰ শিকাই দিছিল। পৰিচালক আৰু সহ অভিনেতাৰ কথাবোৰ মনপুতি শুনিছিল আৰু এই কথাবোৰে মোক যথেষ্ট অনুপ্ৰাণিত কৰিছিল। তেওঁলোকৰ পৰা যথেষ্ট পৰিমাণে মই শিকিছিলো বুলি মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে।


উল্লেখ্য যে, ব্যতিক্ৰমী কাহিনীৰে নিৰ্মিত বধাই দো চিনেমাখনে ইতিমধ্যে চলচ্চিত্ৰ সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত হৈছে। লেছবিয়ান মহিলা আৰু গে পুৰুষৰ প্ৰেম, জীৱন আৰু তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ কথা দেখুওৱা হৈছে চিনেমাখনত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জন্মভূমিৰ ক্ষতি কৰাজন জাতিৰ প্রধান শত্রু : জয়ন্ত মল্লবৰুৱা

মন্ত্ৰীগৰাকীৰ ৰহস্যময় ‘আজিৰ চিন্তা’ ফেচবুক পোষ্টক কেন্দ্ৰ কৰি ৰাজনৈতিক...

প্ৰথম ব্ৰাজিল, তাৰ পাছত ভাৰত… ফিফা বিশ্বকাপৰ সময়ত কি অভিলেখ গঢ়িলে ভাৰতে?

২০২৬ৰ ফিফা বিশ্বকাপত যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভাৰতৰ ফুটবলৰ...

ফিফা বিশ্বকাপত ভাৰত কিয় নাই? ভাৰতীয় ফুটবলৰ কিংবদন্তি সুনীল ছেত্ৰীয়ে কি কয়?

চলি আছে ২০২৬ৰ ফিফা বিশ্বকাপ। আলজেৰিয়াৰ বিৰুদ্ধে লিয়'নেল মেচিৰ...

ডিমৰীয়া সম জিলাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন(Yoga for healthy ageing) শীৰ্ষক মূলমন্ত্ৰৰে...