পুনৰ আলফা স্বাধীনত যোগদান শদিয়াৰ যুৱকৰ৷ এইবাৰ আলফাত যোগদান কৰিলে তিনিচুকীয়া জনাৰ্দন গগৈয়ে৷ আলফাত যোগদানৰ পিছতে মাতৃৰ কান্দি কান্দি কাঁতৰ আহ্বান পৰেশ বৰুৱালৈ, ‘মোৰ লৰাটোক ঘুৰাই পঠাওঁক’। আলফালৈ শদিয়াৰ জৰ্নাদন গগৈ ওৰফে চেংকৈ, তেওঁৰ পত্নীলৈ ফেছবুকত লিখা চিঠিৰ পিচতে সকলো কথা পোহৰলৈ আহে। ১৬ এপ্ৰিল শনিবাৰে তিনিচুকীয়ালৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈছিল জনাৰ্দনে। পত্নীসহ ৬ বছৰীয়া পুত্ৰ সন্তানৰ লগতে বৰ্তমান অন্তসত্তা পত্নী আৰু মাতৃক এৰি আলফালৈ যোগদান কৰিবলৈ যোৱাৰ কথা জানিব পৰা গৈছে৷ যোৱা পাচঁ মাহৰ পূৰ্বে জনাৰ্দনৰ দেউতাৰ বিয়োগ ঘটিছিল৷ ফেচবুক যোগে জনাৰ্দনে পত্নীলৈ লিখিছে এখন দীঘলীয়া চিঠি ।
জনাৰ্দনে লিখা চিঠিখনঃ
মৰমৰ ৰিমা
মই গুচি আহিলো। এচাম মানুহে অসমীয়া জাতিটোৰ অস্তিত্ব নিঃশেষ কৰিবলৈ ষড়যন্ত্ৰ কৰি আছে। জাতিটোৰ নামত দালালি কৰা সকলো ৰাজনৈতিক অথবা তথাকথিত জাতীয় দল-সংগঠনৰ চৰিত্ৰবোৰ দেখিলোঁ৷ আজি আমাৰ মানুহবোৰ নিজ মাতৃভূমিতেই অসহায় হৈ পৰিছে। এনেকৈ চকুৰ আগতে জাতিটো তিল তিলকৈ ধ্বংস হৈ যোৱাটো মই চাই থাকিব নোৱাৰো। বছৰ বছৰ ধৰি নিজ মাটিতেই প্ৰতাৰণা আৰু শোষণৰ বলি হোৱা সহজ সৰল আপোন মানুহখিনিৰ দুখ যান্ত্ৰনা খিনি দেখি বুজিও হাত সাৱটি বহি থাকিব নোৱাৰিলোঁ। কাৰণ পূৰ্বপুৰুষ সকলে আমাক বীৰ জাতিৰ সন্তান হিচাপে পৰিচয় দি গৈছে। জাতিৰ এই দুৰ্দিনৰ সময়ত আমি যদি হাত সাৱটি বহি থাকো তেন্তে পূৰ্বপুৰুষ সকলৰ আত্মাই শান্তি নাপাব। আনহাতে গণতন্ত্ৰৰ নামধাৰী এই চৰকাৰ খনে সাধাৰণ ৰাইজৰ গণতান্ত্ৰিক প্ৰতিবাদক কেতিয়াও গুৰুত্ব নিদিয়ে। জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে, জাতিৰ হেৰুওৱা স্বাধিকাৰআৰু স্বাভিমান ঘূৰাই আনিবলৈসশস্ত্ৰ সংগ্ৰামৰ বিকল্প নাই। এই সংগ্ৰামত বহুতে বহু ত্যাগ দিলে, আমিও দিব লাগিব। জাতিৰ স্বাধিকাৰ ঘূৰাই নোপোৱা পৰ্যন্ত; দেহত অসমীয়াৰ তেজ থকা শেষজন ব্যক্তি জীয়াই থকা লৈকে এই সংগ্ৰাম চলি থাকিব। জয় পৰাজয় সময়ত নিৰূপণ হব, কিন্তু বুৰঞ্জীৰ পৃষ্ঠাত বীৰ জাতিৰ তালিকাত লিখা থকা আমাৰ নামটো আমি মচিব দিব নোৱাৰো। মই জানো তোমালোকৰ কষ্ট হব, বিশেষকৈ তোমাৰ। কিন্তু কি কৰিবা, আমি সংখ্যাত বহুত তাকৰ। আমাৰ যুদ্ধ এটা বৃহৎ শক্তিৰ সৈতে। গতিকে আমি প্ৰত্যেকেই কিছু কিছু ত্যাগ কৰিবই লাগিব। মনটো টান কৰিবা। আমাৰ বাংকুৰ দৰে লাখ লাখ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আমাৰ এই ত্যাগ অনিবাৰ্য। মাক বুজাবা, মাই বুজি পাব। দেশৰ বাবে নিজ সন্তানক ত্যাগ কৰিব পৰাটো গৌৰৱৰ কথা। মোক লৈ মাৰ বহুত আশা! মইয়ো বহু আশা কৰিছিলোঁ সমাজৰ এজন আদৰ্শ ব্যক্তি হোৱাৰ ৷ কিন্তু দলীয় সংসদীয় ৰাজনীতিৰ কূটীল অভিসন্ধিবোৰ দুচকুৰ আগত ৰচনা হোৱাত সেইবোৰৰ প্ৰতি ঘৃণা উপজিল ৷ সংসদীয় ৰাজনীতি কৰি কেৱল নিজৰ জীৱটো বিনোদন কৰিব পাৰি সৰ্বসাধাৰণ খাটিখোৱা ৰাইজৰ নহয়, সেই কথা দেৰিকৈ হ’লেও উপলব্ধি কৰিলোঁ ৷ ৰাজনীতিৰ পৰা নিজকে নিলগাই ৰাখি আদৰ্শ কৃষক হোৱাৰো সপোন দেখিছিলোঁ ৷ সেইকথা তুমিও জানা ৷ কিন্তু সেই সপোনে চুপহি মেলাৰ সময়তেই ৰাষ্ট্ৰৰ ষড়যন্ত্ৰৰ বলি হ’ল আমাৰ বহুকেইজন সতীৰ্থ ৷ তুমিয়েই কোৱাচোন আমি কি ভুল কৰিছিলোঁ ? নিজৰ লগতে সমাজখনক কৰ্মমুখী কৰি তুলিব বিচৰাতো জানো অপৰাধ হ’ব পাৰে কোৱা ! নব্বৈ দশকত আলফাৰ দিহা-পৰামৰ্শত সূচনা হোৱা কৃষি বিপ্লৱক ৰাষ্ট্ৰযন্ত্ৰই যিদৰে ভৰিৰে গছকি-মুহাৰি অসমীয়া মানুহক কৃষি ক্ষেত্ৰত পৰনিৰ্ভৰশীল কৰি তুলিলে ৷ চৰকাৰ-প্ৰশাসন আজিও তাৰ ব্যতিক্ৰম নহয় ৷ চৰকাৰ-প্ৰশাসন, বিৰোধীৰ লগতে সকলো দল-সংগঠনে অসমীয়া জাতিটোৰ কথা সঁচা অৰ্থত ভবা হ’লে আমাৰ জাতিটোৰ এই লাওলোৱা অৱস্থা কেতিয়াও নহ’ল হয়৷ ৰাজনীতিৰ পথাৰখনত ভাটৌ চৰাইৰ দৰে থাকি জাতিটোক তিল তিল কৈ মৃত্যুৰ দুৱাৰ দলিলৈ ঠেলি দি নিজকে অৱসৰ বিনোদনত মগ্ন কৰোৱাবলৈ মই নোৱাৰিম ৷ মাক কবা, জাতিক বন্ধকত ৰাখি নেতা হোৱা কোনোবা দালালৰ কৃপাত নাইবা বহিৰাগত কোনো শোষণকাৰীৰ নেগুৰত ধৰি তথাকথিত স্বচ্ছল জীৱন জীয়াই থাকিবলৈ মোৰ বিবেকে নকয়। বিপ্লৱী আদৰ্শৰে পৰিপুষ্ট হোৱাকৈ বাংকুক ভালদৰে পঢ়াবা। তাক গীটাৰ শিকাবা। সি ভাল মানুহ হ’ব। মাক সময়মতে প্ৰেছাৰ, ছুগাৰৰ দৰৱ খাব কবা। বেছি চিন্তা কৰিব নালাগে। পুটপুট বাবু হত আছেই, ওচৰতে বাইদেউ ভিনিদেউহঁতো আছে। আত্মীয় স্বজন, ওচৰ চুবুৰীয়াৰ সৈতে মিলিজুলি থাকিবা। আহিব লগাটোক কবা ভুল নুবুজিবলৈ , তাৰ দেউতাই স্বদেশ আৰু স্বজাতিৰ মুকুতিৰ যুঁজলৈ গৈছে! দেশ আৰু জাতিৰ বাবে এই সিদ্ধান্ত লবলৈ মই বাধ্য। কাৰণ অন্যায় সহি থাকিব পৰাকৈ ধৈৰ্য শক্তিকণ ইশ্বৰে মোক নিদিলে। সাহসী হোৱা, আত্মবিশ্বাসী হোৱা, এদিন নহয় এদিন আমি আমাৰ যুঁজত জয়ী হৈ উদিত সূৰুজৰ পতাকাৰ তলত মুক্তভাবে উশাহ লম ৷ জীয়াই থকা লৈকে সকলোৰে খবৰ ৰাখিম মই।
বহুত মৰমেৰে
চেংকয়