জালিকাট্টু, ক’ভিডৰ ভয়াৱহতাৰ মাজতে হাজাৰ হাজাৰ লোকৰ সমাগম

ক’ভিডৰ ভয়াৱহতাৰ মাজতে আৰম্ভ হৈছে পৰম্পৰাগত জালিকাট্টু প্ৰতিযোগিতা। আজি দ্বিতীয় দিনা তামিলনাডুৰ মাদুৰাইৰ পালামেডু অঞ্চলত পুৱাৰে পৰা সমৱেত হয় হাজাৰ হাজাৰ লোক। শ শ ষাঁড় গৰুৰ দৌৰ প্ৰতিযোগিতা উপভোগ কৰিবলৈ প্ৰতিবছৰে এই জালিকাট্টু উৎসৱত সমৱেত হয় হাজাৰ হাজাৰ লোক। শুকুৰবাৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতাত মাদুৰাইৰ অৱনিয়াপুৰমত এজন লোক নিহত হোৱাৰ লগতে আহত হয় ৮০জনৰো অধিক লোক। এইবাৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি তামিলনাডু চৰকাৰে জালিকাট্টু উৎসৱত ৩০০ ষাঁড়গৰু আৰু ১৫০ জন দৰ্শকক সমৱেত হোৱাৰ অনুমতি প্ৰদান কৰে। ইয়াৰ বিপৰীতে প্ৰশাসনৰ এই নিৰ্দেশনা অমান্য কৰি গ্ৰাম্যাঞ্চলত ভিৰ কৰে হাজাৰ হাজাৰ লোকে। প্ৰতিবছৰে পংগল উৎসৱৰ সময়ত তামিলনাডুৰ গাঁৱে–ভূঞে আয়োজন কৰা হয় এই জালিকাট্টু উৎসৱ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

UGCৰ ১২(বি) স্বীকৃতি লাভেৰে নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে USTM-এ

উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰি ইউনিভাৰ্ছিটি...

২৫০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত এতিয়াৰে পৰা কোনেও মাটি কিনিব নোৱাৰিব

আজি বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ...

১৩ লাখ টকাৰ বান সাহায্য প্ৰদান কেৰিমিনাতিৰ

অসমৰ বান পৰিস্থিতিৰ বাবে ইউটিউবাৰ কেৰিমিনাতিৰ CHARITY STREAMCHARITY STREAMত...

দৈনিক কিমান কাপ কফি খোৱাটো শৰীৰৰ বাবে ভাল? কফি কেনেকৈ খোৱাটো বেছি উপকাৰী?

দৈনিক কফি খোৱাৰ অভ্যাস আছে নেকি? হৃদৰোগ বিশেষজ্ঞ আৰু...