বিষাক্ত সুৰা সেৱন কৰি ৫জন লোকৰ মৃত্যু

হৰিষদ বিষাদ! এফালে দেশজুৰি মকৰ সংক্ৰান্তি পালন কৰা হৈছে। অসমত যিদৰে উলহ মালহেৰে মাঘ বিহু পালন কৰা হৈছে, ঠিক একেদৰে দেশৰ আন আন প্ৰান্ততো স্থানীয় ৰীতি-নীতি অনুসৰি পালন কৰা হৈছে মকৰ সংক্ৰান্তিৰ উত্সৱ। এই উদযাপনৰ আনন্দৰ মাজতে ৫জনকৈ লোকে সুৰাপান কৰি মৃত্যুমুখত পৰিছে। লোককেইজনে সাধাৰণভাৱে নিয়মীয়াকৈ সুৰাপান কৰে। এইদৰে দৈনিক পান কৰা সুৰাৰ দৰেই সুৰা সেৱন কৰি মৃত্যুমুখত পৰে ৫জনকৈ লোকে। একেলগে বিষাক্ত সুৰা সেৱন কৰি মৃত্যু ঘটাৰ লগে লগে পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি। এই ঘটনা বিহাৰৰ নালন্দাৰ। বিহাৰত ৰাজহুৱাভাবে সুৰা বিক্ৰীত বিহাৰ চৰকাৰে কঠোৰ পদক্ষেপ লোৱাৰ পিছতো অবৈধভাবে বিভিন্ন স্থানত প্ৰচলন হৈ আহিছে সুৰাৰ বেহা। কিদৰে বিষাক্ত সুৰা তেওঁলোকে সুৰাপান কৰিলে, ইয়াৰ আঁৰত কি তাৰ তদন্তৰ দাবী জনাইছে পৰিয়ালে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বিষাক্ত সুৰাৰ বাবে নে আন কাৰণত মৃত্যু ঘটিল সেয়া নিশ্চিত কৰা নাই আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে...

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...