জালিকাট্টু, ক’ভিডৰ ভয়াৱহতাৰ মাজতে হাজাৰ হাজাৰ লোকৰ সমাগম

ক’ভিডৰ ভয়াৱহতাৰ মাজতে আৰম্ভ হৈছে পৰম্পৰাগত জালিকাট্টু প্ৰতিযোগিতা। আজি দ্বিতীয় দিনা তামিলনাডুৰ মাদুৰাইৰ পালামেডু অঞ্চলত পুৱাৰে পৰা সমৱেত হয় হাজাৰ হাজাৰ লোক। শ শ ষাঁড় গৰুৰ দৌৰ প্ৰতিযোগিতা উপভোগ কৰিবলৈ প্ৰতিবছৰে এই জালিকাট্টু উৎসৱত সমৱেত হয় হাজাৰ হাজাৰ লোক। শুকুৰবাৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতাত মাদুৰাইৰ অৱনিয়াপুৰমত এজন লোক নিহত হোৱাৰ লগতে আহত হয় ৮০জনৰো অধিক লোক। এইবাৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি তামিলনাডু চৰকাৰে জালিকাট্টু উৎসৱত ৩০০ ষাঁড়গৰু আৰু ১৫০ জন দৰ্শকক সমৱেত হোৱাৰ অনুমতি প্ৰদান কৰে। ইয়াৰ বিপৰীতে প্ৰশাসনৰ এই নিৰ্দেশনা অমান্য কৰি গ্ৰাম্যাঞ্চলত ভিৰ কৰে হাজাৰ হাজাৰ লোকে। প্ৰতিবছৰে পংগল উৎসৱৰ সময়ত তামিলনাডুৰ গাঁৱে–ভূঞে আয়োজন কৰা হয় এই জালিকাট্টু উৎসৱ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...