জয়শংকৰৰ বিদেশ ভ্ৰমণৰ সামৰণি

শনিবাৰে সামৰণি পৰে ভাৰত বিদেশমন্ত্ৰী ড.সুব্ৰামনিয়াম জয়শংকৰৰ দুদিনীয়া ভূটান ভ্ৰমণৰ। এই ভ্ৰমণ কালত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ উপৰি মিলিত হয় ভূটানৰাজ্য জিগ্ মে খেচৰ নামগ্যেল ৱাংচুকৰ লগতো। উক্ত ভ্ৰমণকালতে ড০ জয়শংকৰে ভাৰতৰ ফালৰ পৰা ভূটানলৈ উপহাৰ হিচাপে আগবঢ়োৱা অত্যাৱশ্যকীয় ঔষধৰ ১২টা কনচাইনমেণ্টো প্ৰদান কৰে। তদুপৰি তেওঁ মুকলি কৰে ভাৰতৰ অৰ্থনৈতিক আৰু প্ৰযুক্তিগত সাহাৰ্যৰে ভূটানত ৰূপায়িত তিনিটাকৈ প্ৰকল্প ।

লক্ষ্যণীয়ভাৱে ক’ভিডৰ প্ৰাদুৰ্ভাৱৰ পিছত অর্থাৎ ২০২০ চনৰ মাৰ্চৰ পিছত ভূটান ভ্ৰমণকৰা জয়শংকৰেই প্ৰথমগৰাকী উচ্চ পৰ্যায়ৰ বিদেশী অতিথি। ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকীয়ে নিজেই এই ভ্ৰমণক লৈ অতি উচ্ছাসিতভাৱে মন্তব্য কৰিছে। তেওঁ কৈছে ভূটানক সলনি কৰি দিয়াৰ যি স্বপ্ন ভূটান ৰাজ্যে দেখিছে সেই স্বপ্নই ভাৰত-ভূটান দ্বিপাক্ষিক সম্পৰ্কৰো গতিধাৰা নিৰ্দেশ কৰে। তদুপৰি নিজৰ টুইটাৰত তেওঁ লিখিছে -“আকৌ ভূটনলৈ অহাৰ সুযোদ পাই আনন্দিত হৈছো। আশা কৰিছো এই ভ্ৰমণ সুফলদয়ক হ’ব।’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...