যেন চিটীবাছহে! মদ খাবলৈ এঘণ্টাৰ বাবে চালকে ৰখাই থলে যাত্ৰীবাহী ৰে’ল

ভাৰত দেশৰ বিষম কথা। সুৰা আসক্তিৰ বাবে এঘণ্টা ৰখাই থলে যাত্ৰীবাহী ৰে’ল! ৰে’লৰ এগৰাকী সহকাৰী চালকে সুৰা পান কৰিবলৈ যোৱাৰ বাবেই ঘটিল অঘটন। এঘণ্টাতকৈও অধিক সময় ৰখাই দিয়া হয় এখন যাত্ৰীবাহী ৰে’ল।

বিহাৰৰ সমষ্টিপুৰ ৰে’ল বিভাগৰ হাছানপুৰ ষ্টেচনত সংঘটিত হৈছে এই আজৱ ঘটনা। ৰাজধানী এক্সপ্ৰেছৰ ক্ৰছিঙৰ বাবে হাছানপুৰ ষ্টেচনত কিছু সময়ৰ বাবে ৰখোৱা হৈছিল ৰেলখন। এটা সময়ত ৰাজধানী এক্সপ্ৰেছে নিজৰ গতি লৈছিল। ৰাজধানী এক্সপ্ৰেছ পাৰ হোৱাৰ লগে লগে ৰেল চলিবলৈ চিগনেল দিয়া হৈছিল। পিছে চিগনেল দিয়াৰ পিছতো ৰেল নচলাত আচম্বিত হৈ পৰে সকলো। ইফালে ৰৈ ৰৈ বিৰক্ত হৈ পৰিছিল যাত্ৰীসকল। চিগনেল দিয়াৰ পিছতো ৰেলে গতি নোলোৱাত বিচাৰ-খোচাৰ আৰম্ভ হয়। ৰেল ৰখোৱাৰ সুযোগতে কাষতে থকা বজাৰত সুৰাপান কৰিবলৈ গুচি গৈছিল লোকো পাইলট কৰণবীৰ যাদৱ। সুৰাত মগন হৈ পাহৰিলে ৰেল চলোৱাৰ কথা। ইঞ্জিনৰ চালকৰ আসনত সহকাৰী লোকো পাইলট উপস্থিত নথকাত খবৰ দিয়া হয় আৰক্ষীক, আৰক্ষীয়ে অৱশেষত অনুসন্ধান কৰি বজাৰত নিচাসক্ত অৱস্থাত উদ্ধাৰ কৰি গ্ৰেপ্তাৰ কৰে যাদৱক। ইতিমধ্যে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে ৰেল ব্যৱস্থাপক আলোক আগৰৱালেই। এই ঘটনা বিয়পি পৰাৰ লগে লগে সম্প্ৰতি সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...