৪৪ মিনিটৰ মূৰে মূৰে সংকেত প্ৰেৰণ কৰি আছে পৃথিৱীলৈ; বিজ্ঞানীসকলে বিচাৰি উলিয়াইছে ৰহস্যময় মহাজাগতিক বস্তু

প্ৰতি ৪৪ মিনিটৰ অন্তৰালত পৃথিৱীলৈ পঠিওৱা হৈছে ৰেডিঅ’ আৰু এক্স-ৰে সংকেত! সম্প্ৰতি এনে এটা আৱিষ্কাৰে বিজ্ঞানীসকলৰ চকু কপালত তুলিছে। এই সূত্ৰৰ আলমলৈয়ে পোৱা গৈছে এটা ৰহস্যময় মহাজাগতিক বস্তুৰ সন্ধান, যিটো আৱিষ্কাৰ কৰিছে অষ্ট্ৰেলীয়ান জ্যোতিৰ্বিজ্ঞানীসকলে।

এই মহাজাগতিক বস্তুৰ নাম ‘এএছকেএপি জে১৮৩২-০৯১১’। এই বস্তুৰ পৰা প্ৰতি ৪৪ মিনিটৰ অন্তৰালত ৰেডিঅ’ আৰু এক্স-ৰে ‘বাৰ্তা’ পঠিওৱা হৈছে। ইয়াৰ পূৰ্বে এনে ঘটনা কেতিয়াও পৰিলক্ষিত হোৱা নাছিল। ‘অষ্ট্ৰেলীয়ান স্কোৱাৰ কিল’মিটাৰ এৰে পাথফাইণ্ডাৰ’ (এএছকেএপি) আৰু আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ শক্তিশালী প্ৰযুক্তিৰ জৰিয়তে এই আৱিষ্কাৰ কৰা হৈছে। বিজ্ঞানীসকলে জনাইছে যে, এই মহাজাগতিক বস্তুৰ পৰা পৃথিৱীলৈ পঠিওৱা সংকেতসমূহ ঠিক দুই মিনিট স্থায়ী হয়, আৰু নিৰ্দিষ্ট বিৰতিৰ পিছত পুনৰ একেই সংকেত পঠিওৱা হয়। এই আচৰণক বিজ্ঞানীৰ এটা অংশই বিৰল বুলি মানি লৈছে, ফলত এই আৱিষ্কাৰে মৃত নক্ষত্ৰৰ বিবৰ্তন আৰু জ্যোতিৰ্পদাৰ্থবিজ্ঞানৰ বিভিন্ন অজ্ঞাত সম্ভাৱনাৰ বিষয়ে নতুন প্ৰশ্নৰ সৃষ্টি কৰিছে।

‘এএছকেএপি জে১৮৩২-০৯১১’য়ে কোনো পৰিচিত নক্ষত্ৰ বা পালছাৰৰ দৰে আচৰণ নকৰে। সাধাৰণ পালছাৰৰ পৰা নিৰ্গত হোৱা ‘পালছ’ বা স্পন্দন কেইমিলিছেকেণ্ড বা কেইছেকেণ্ড পৰ্যন্ত স্থায়ী হয়। কিন্তু ‘এএছকেএপি জে১৮৩২-০৯১১’ দীৰ্ঘ সময় ধৰি, নিৰ্দিষ্ট ব্যৱধানত সংকেত পঠিয়াই আছে, যিটোৱে বিজ্ঞানীসকলক ভাবুক কৰি তুলিছে। তেওঁলোকৰ মতে, ‘এএছকেএপি জে১৮৩২-০৯১১’ কোনো মৃত নক্ষত্ৰৰ চৌম্বকীয় অৱশিষ্টাংশ হ’ব পাৰে। তথাপি, কি যুক্তিৰে ঠিক ৪৪ মিনিটৰ ব্যৱধানত এই সংকেত পৃথিৱীত উপনীত হৈছে, সেই বিষয়ে এতিয়াও গৱেষণা চলি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...