ইৰাণৰ সৈতে সংঘৰ্ষৰ মাজতে গাজা আক্ৰমণ ইজৰাইলৰ

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ মাজতো ইজৰাইলে গাজাত আক্ৰমণ অব্যাহত ৰাখিছে। গাজাত খাদ্যৰ বাবে শাৰী পাতি থিয় হৈ থকা ভোকাতুৰ মানুহৰ ওপৰতো ইজৰাইলী সেনাই বোমাবৰ্ষণ কৰিছে। মঙলবাৰ পুৱাৰে পৰা (ভাৰতীয় সময় অনুসাৰে) ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণত কমেও ৪৩ গৰাকী লোকৰ মৃত্যু হৈছে। তেওঁলোকৰ মাজত খাদ্যৰ বাবে শাৰী পাতি থকা ২০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে। বহুদেশে ইজৰাইলৰ এই আক্ৰমণৰ নিন্দা জনাইছে। কিন্তু প্ৰায় প্ৰতিদিনে ইজৰাইলৰ আক্ৰমণত ভোকাতুৰ পেলেষ্টাইনীৰ মৃত্যুৰ সংখ্যা বাঢ়ি গৈছে।

গাজাত আমেৰিকা আৰু ইজৰাইল-সমৰ্থিত ‘গাজা হিউমেনিটেৰিয়ান ফাউণ্ডেশ্যন’ (জিএইচএফ)ই সাহায্য বিতৰণ কৰি আছে। কিন্তু তেওঁলোকৰ এই বিতৰণ পদ্ধতিৰ ওপৰত প্ৰথমৰ পৰাই প্ৰশ্ন উঠিছে। জিএইচএফৰ বিতৰণ কেন্দ্ৰত বাৰে বাৰে বিশৃংখলতাৰ অভিযোগ উঠিছে। পৰিয়ালৰ বাবে সাহায্য সংগ্ৰহ কৰিবলৈ গৈ বহু পেলেষ্টাইনীয়ে প্ৰাণ হেৰুৱাইছে। অভিযোগ উঠিছে, ভিৰ নিয়ন্ত্ৰণৰ নামত ইজৰাইলী সেনাই গুলী চলাইছে, যাৰ ফলতো বহুতৰে মৃত্যু হৈছে।

অভিযোগমতে, আমেৰিকা আৰু ইজৰাইলে সহায়ৰ নামত জিএইচএফৰ সাহায্য কেন্দ্ৰত মৃত্যুৰ ফান্দ পাতিছে। ২৭ মে’ৰ পৰা জিএইচএফে গাজাত সাহায্য শিবিৰ আৰম্ভ কৰিছে। তাৰ পিছৰে পৰা তেওঁলোকৰ ব্যৱস্থাপনাৰ বাবে বাৰে বাৰে প্ৰশ্নৰ সন্মুখীন হৈছে। ‘আল জাজিৰা’ সংবাদমাধ্যমে গাজাৰ স্বাস্থ্য প্ৰশাসনৰ উদ্ধৃতি দি জনাইছে, ২৭ মে’ৰ পৰা এতিয়ালৈ সাহায্য ল’বলৈ গৈ ৪০০ৰো অধিক লোকৰ মৃত্যু হৈছে। আহতৰ সংখ্যা প্ৰায় হাজাৰ। মূলতঃ গাজাৰ ৰাফাত জিএইচএফৰ সাহায্য শিবিৰত ইজৰাইলী সেনাৰ আক্ৰমণৰ খবৰ পোৱা গৈছে।

ইজৰাইলৰ ‘অৱৰোধৰ’ কাৰণে গাজাত সাহায্য প্ৰায় বন্ধ হৈ গৈছিল। কিন্তু বিশ্বৰ বিভিন্ন দেশৰ আপত্তিৰ পিছত ইজৰাইলে নীতি শিথিল কৰে। কিন্তু বৰ্তমান যি পৰিমাণৰ সাহায্য যায়, সেয়া গাজাৰ বাসিন্দাৰ বাবে যথেষ্ট নহয়। গাজাৰ খাদ্য সংকট চৰম সীমাত উঠিছে। প্ৰতিদিনে দুবেলা দুমুঠি খাদ্য যোগাৰ কৰিবলৈ গাজাৰ বাসিন্দাই কান্দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ দাম আকাশচুম্বী। সেইবোৰ কিনিবলৈ বেছিভাগ গাজাৰ বাসিন্দাৰ হাতত ধন নাই। ৰোজগাৰৰ সুযোগো প্ৰায় নাই। এনে পৰিস্থিতিত বহুতৰে বাবে সাহায্য শিবিৰেই একমাত্ৰ ভৰসা।

ইৰাণ-গাজা আক্ৰমণৰ বিষয়টো ইজৰাইলৰ বাবে নতুন নহয়। কিন্তু শেহতীয়া কেইদিনত দুয়োখন দেশৰ মাজৰ সংঘাত চৰমত উঠিছে। বিগত ১২ দিন ধৰি ইৰাণ-ইজৰাইলৰ মাজত যুদ্ধ চলি আছে। এই যুদ্ধত আমেৰিকাইও প্ৰত্যক্ষভাৱে যোগদান কৰিছে। মঙলবাৰেও ইৰাণ আৰু ইজৰাইলৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ চলি আছে। এই পৰিস্থিতিৰ মাজতো ইজৰাইলে গাজাৰ আক্ৰমণ অব্যাহত ৰাখিছে।

Popular

More like this
Related

চীনে সাজু কৰিছে ‘জলবোমা’

চীনে সাজু কৰিছে ‘জলবোমা’। উদ্বিগ্ন অৰুণাচলৰ লগতে চিয়াং, ব্ৰহ্মপুত্ৰৰ...

কন্যাৰ বিয়াৰ দিনটোতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু পিতৃৰ

ঢকুৱাখনাত শোকাৱহ ঘটনা। কন্যাৰ বিয়াৰ দিনটোতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু...

অস্বাভাৱিকভাৱে শুকাই গৈছে পাগলাদিয়া নৈৰ জলস্তৰ

অস্বাভাৱিকভাৱে শুকাই গৈছে নলবাৰীৰ পাগলাদিয়া নৈৰ জলস্তৰ। ভৰ বাৰিষাৰ...

পত্নীৰে বিবাহ বিচ্ছেদ কৰি আনন্দ উল্লাস এজন লোকৰ

পত্নীৰে বিবাহ বিচ্ছেদ কৰি আনন্দ উল্লাস এজন লোকৰ। আনন্দত...