সম্পৰ্কবোৰত ঘুণে ধৰিছে নেকি!

পত্নী নিৰুদ্দেশ হোৱা বুলি ফেচবুকত পোষ্ট নেতা নৰেন তাঁতীৰ। ৯ দিনৰ পাছত পত্নী হত্যাৰ অভিযোগত নিজেই গ্ৰেপ্তাৰ সংগঠনৰ নেতা। ডিমৌত ঘটিল এটা চাঞ্চল্যকৰ ঘটনা।

প্ৰায় এসপ্তাহ পূৰ্বে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি নৰেন তাঁতীয়ে ফেচবুকত দিছিল এটা পোষ্ট। য’ত নৰেন তাঁতীয়ে লিখিছিল পত্নী নিৰুদ্দেশ হৈ থকাৰ কথা। শ্ৰীমতী দিপ্তী তাঁতী যোৱা ইংৰাজী ১৫-৬-২০২৫ তাৰিখৰ দেওবাৰে ৰাতি ঘৰৰ পৰা কাপোৰ নথি পত্ৰ লৈ নিৰুদ্দেশ হৈ আছে। কোনোবাই দেখিলে অনুগ্ৰহ কৰি জনাবলৈ ফোন নম্বৰ এটাও দিলে নৰেন তাঁতীয়ে। পত্নী নিৰুদ্দেশ হোৱা বুলি ডিমৌ থানাত এজাহাৰ নৰেন তাঁতীৰ। আৰক্ষীয়ে অভিযান আৰম্ভ কৰিলে। কিন্তু প্ৰথমে আৰক্ষীয়ে একো ধৰিবই পৰা নাছিল। কেনেকৈ কি হল। মহিলাগৰাকী ক’লৈ গ’ল তাকে লৈ চাঞ্চল্য ডিমৌত। এইবাৰ নৰেন তাঁতীৰ আন এটা ফেচবুক পোষ্ট। পোষ্টটোত তাঁতীয়ে শ্বেয়াৰ কৰিছে এটা হোৱাটছএপ মেছেজত। মেছেজটোত লিখা আছে ‘মই তামিলনাডুলৈ আহিলোঁ, তই বেটাক চাবি।’
চিনাকি সকলোৱে ধাৰণা কৰিলে, নৰেনৰ পত্নী তামিলনাডুলৈ পলাই গ’ল। ইয়াৰ মাজতে এই ঘটনাৰে নৰেন তাঁতীয়ে নাম সাঙুৰি ল’লে আন ৩ যুৱকৰ। সেই অভিযোগৰ ভিত্তিতে ৩ যুৱকক আৰক্ষীয়ে সোধা-পোছাৰ বাবে লৈ আনিলে। তেওঁলোককো চলালে জেৰা। এই ঘটনাত সেই ৩ যুৱক জড়িত নহয় বুলি জাঙুৰ খাই উঠিল যুৱককেইজনৰ পৰিয়াল। তেওঁলোকেও দাখিল কৰিলে এজাহাৰ। তাৰ পাছতে আৰক্ষীৰ সন্দেহ উপজিল নৰেন তাঁতীৰ ওপৰত। আৰক্ষীয়ে নৰেন তাঁতীক উঠাই আনিলে। আৰম্ভ হ’ল সোধা-পোছা। সোধা-পোছাত নৰেন তাঁতীয়ে যি স্বীকাৰ কৰিলে, আৰক্ষী নিজেই হাইৰান।

নৰেন তাঁতীয়েই হত্যা কৰিছিল পত্নীক। ৪০ হাজাৰ টকা দি সহায় লৈছিল দীপ পাণ্ডৱ নামৰ এজনৰ। নৰেন তাঁতীৰ আছিল এখন ইক’ বাহন। ডিঙি চেপি হত্যা কৰি সেই বাহনখনতে পত্নীৰ মৃতদেহটো বস্তাত ভৰাই তুলি লৈছিল নৰেনে। সহায় কৰি দিছিল দীপ পাণ্ডৱে। মৃতদেহটো পেলাই দিছিল দিচাং নৈত। দীপে সেই কথা স্বীকাৰ কৰিছে কেমেৰাৰ সন্মুখত।

পত্নী পলাই যোৱা বুলি আৰক্ষী আৰু ৰাইজক বিপথে পৰিচালিত কৰিবলৈ ফেচবুকত পোষ্ট দি নাটক কৰিছিল নৰেন তাঁতীয়ে। কিন্তু সঁচা লুকাই নাথাকিল। এতিয়া বিভিন্ন দল-সংগঠনৰ দাবী, নৰেন তাঁতীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগে।

ইপিনে নৰেনৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে লৈ অনা আন তিনি লোকৰ পৰিয়াল উপস্থিত হৈছে ডিমৌ থানা চৌহদত। গোটেই ঘটনাৰ দায়িত্ব নৰেনে ইতিমধ্যে স্বীকাৰ কৰিছে। গতিকে এই তিনিজন লোকক এৰি দিব লাগে।

এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ডিমৌত। সভাই সমিতিয়ে আইন-কানুন, নীতি-নিয়ম, জীৱন, সম্পৰ্কৰ জ্ঞান দিয়া সংগঠনৰ নেতাৰ এয়া কেনে কাণ্ড। ডিমৌত জোকাৰণি, জোকাৰণি শিৱসাগৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...