হামাছৰ বিৰুদ্ধে অধিক আগ্ৰাসী ইজৰাইলী বাহিনী

হামাছৰ বিৰুদ্ধে ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে ইজৰাইলৰ আক্ৰমণ। হামাছৰ ঘাটি স্বৰূপ গাজাত দিনে–নিশাই ৰকেট আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলী বাহিনীয়ে। এইবাৰ জল, স্থল, আকাশ মাৰ্গেৰে গাজাত আক্ৰমণৰ বাবে সাজু হৈছে ইজৰাইল। হামাছৰ বিৰুদ্ধে বিধ্বংসী আক্ৰমণৰ নিৰ্দেশ দিয়া হৈছে ইজৰাইলী বাহিনীক। ইজৰাইলৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ সাজু হৈছে হামাছেও।

ইপিনে, দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ’ৰ লেখীয়াকৈ সংকটৰ সন্মুখীন হৈছে ইজৰাইল–পেলেষ্টাইনৰ সাধাৰণ নাগৰিক। দেওবাৰে গাজা ত্যাগ কৰিবলৈ সাধাৰণ নাগৰিকক ৩ ঘণ্টাৰ সময়সীমা বান্ধি দিয়ে ইজৰাইলে। পুৱা ১০ বজাৰ পৰা ১ বজাৰ ভিতৰত গাজা অঞ্চলত কোনো অৱিযান চলোৱা নহয় বুলি স্পষ্ট কৰি দিয়ে ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে। সময় সীমা অতিবাহিত হোৱাৰ পিছতে গাজাত আক্ৰমণ তীব্ৰতৰ কৰি তুলিব ইজৰাইলে। অৰ্থাৎ আজিৰ ভিতৰতে নিৰ্ণয় হ’ব পাৰে গাজাৰ ভৱিষ্যৎ। যোৱা ৮ দিনত উভয় পক্ষৰ প্ৰায় ৪ হেজাৰ লোক নিহত হৈছে এই যুদ্ধত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পৃথিৱীমুখী সুনীতা উইলিয়ামছলৈ প্ৰধানমন্ত্ৰী মোদীৰ চিঠি

পৃথিৱীমুখী সুনীতা উইলিয়ামছলৈ প্ৰধানমন্ত্ৰী মোদীৰ চিঠি। ঘূৰি আহিলে ভাৰতলৈ...

পৃথিৱীত অৱতৰণ কৰাৰ পাছত কি সমস্যাৰ সন্মুখীন হ’ব পাৰে সুনীতা উইলিয়ামছ?

পৃথিৱীত অৱতৰণ কৰাৰ পাছত কি সমস্যাৰ সন্মুখীন হ’ব পাৰে...

পদে পদে বিপদ, কি কি প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে পৃথিৱীলৈ উভতি আহিব সুনীতা উইলিয়ামছ?

আৰম্ভ হ’ল সুনীতা উইলিয়ামছৰ পৃথিৱীলৈ প্ৰত্যাৱৰ্তনৰ যাত্ৰা। মহাকাশ আস্থানৰ...

বিশ্বজুৰি সৃষ্টি হোৱা উৎকণ্ঠাৰ মাজত সুনীতা উইলিয়ামছৰ প্ৰত্যাৱৰ্তন আৰম্ভ

বিশ্বজুৰি সৃষ্টি হোৱা উৎকণ্ঠাৰ মাজত সুনীতা উইলিয়ামছৰ প্ৰত্যাৱৰ্তন আৰম্ভ।...