ছানিয়া মিৰ্জাৰ বৈবাহিক জীৱনত ফাঁট মেলিছে নেকি?

কোন মডেলৰ প্ৰেমত হাবুডুবু খাইছে ছোৱেইব মালিকে? ২০০৩ চনত এক সাক্ষাৎকাৰত ছানিয়া মিৰ্জাক প্ৰথম লগ পাইছিল ছোৱেইব মালিকে। সাক্ষাৎকাৰৰ পিছতে দুয়োৰে মাজত আৰম্ভ হৈছিল গভীৰ প্ৰেম। তাৰ পিছত ২০১০ চনত আনুষ্ঠানিকভাবে বিবাহপাশত আৱদ্ধ হয় ছোৱেইব-ছানিয়া। সুখৰ সংসাৰখন জীপাল কৰিবলৈ দুয়োৰে জীৱনলৈ আহিল একমাত্ৰ পুত্ৰ সন্তান।

ছোৱেইব-ছানিয়াৰ ব্যস্ততাৰ মাজতো দুয়োৰে প্ৰেমে অতিক্ৰম কৰিছিল বহুকেইটা বছৰ। প্ৰেমৰ বাবে দেশ এৰিছিল ভাৰতীয় টেনিছ তাৰকা ছানিয়াই। সেই প্ৰেমৰ বাবেই পুনৰ দেশলৈ ঘূৰি আহিব লাগিব নেকি ছানিয়া! কিয়নো, এগৰাকী পাকিস্তানী মডেলৰ সৈতে প্ৰেমত মচগুল স্বামী ছোৱেইব মালিক।

পাক মিডিয়াত ছোৱেইব-মডেলৰ প্ৰেমৰ সম্পৰ্কই বিশেষ চৰ্চা লাভ কৰিছে। এতিয়া প্ৰশ্ন হয়, কোন সেইগৰাকী পাক মডেল যাৰ প্ৰেমত বলিয়ান ছোৱেইব মালিক? এবছৰ পূৰ্বে ক্ৰিকেট তাৰকা ছোৱেইব মালিক আৰু প্ৰেমিকা তথা পাক মডেল আয়েশা ওমৰক দেখা গৈছিল এক অনুষ্ঠানৰ ফটোশ্বুটত। এটাৰ পিছত আনটো ৰোমাঞ্চকৰ মুহূৰ্তৰ ফটোশ্বুট কৰা হৈছিল ছোৱেইব-আয়েশাৰ। তাৰ পিছৰে পৰা চৌদিশে চৰ্চা আৰম্ভ হৈছিল। ৰোমাঞ্চকৰ মুহূৰ্তৰ ফটোশ্বুটৰ পিছতে দুয়োৰে সম্পৰ্ক গভীৰ হবলৈ ধৰে।

পাকিস্তানী মেডিয়াৰ মতে ছোৱেইব আৰু ছানিয়াৰ সম্পৰ্কত ফাঁট মেলাৰ আঁৰত আয়েশা ওমৰ! অৱশ্যে ছানিয়া মিৰ্জা অথবা ছোৱেইব মালিকে এইপৰ্যন্ত কোনো বিবৃতি অথবা মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে। বিশ্বৰ অন্যতম খেলুৱৈ যুটী ৰূপে সৰ্বজনবিদিত আছিল আৰু দুয়োৰে সম্পৰ্ক বহুজনৰ বাবে আদৰ্শ আছিল। ইয়াৰ মাজতে এইগৰাকী মহিলাৰ বাবেই সুখৰ সংসাৰ থানবান হৈ যোৱাত আশ্বৰ্য প্ৰকাশ কৰিছে অনুৰাগীসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...