ইছলামাবাদ, ডোহা, আংকাৰা : ভাৰতবিৰোধী নতুন ইছলামিক জোঁটবন্ধন

✒️অচিন্ত্য শৰ্মা

অভিন্ন হৈ উঠিছে ক্ৰীড়া, ৰাজনীতি আৰু সমৰনীতি। বিশ্বকাপ ফুটবলৰ হাতত ধৰি বিশ্বত গঢ় লব ধৰিছে আন এক অশুভ সামৰিক জোঁটবন্ধন। একত্ৰিত হৈছে ভাৰতৰ তিনি শত্ৰু। কাটাৰ, তুৰস্ক আৰু পাকিস্তান। প্ৰায় সকলোৰে অলক্ষিতেই ঘটিব ধৰিছে এই ঘটনা। ইছলামাবাদ, ডোহা আৰু আংকাৰা মিলি গঠন কৰিব লৈছে এক সামৰিক জোঁটবন্ধন, যি জোঁটবন্ধন হৈ উঠিব এক বিশ্বজনীন ইছলামিক সন্ত্ৰাসবাদ আৰু মুছলিম সম্প্ৰসাৰণৰ বাবে এক নতুন শক্তি। তেল চহকী দেশ কাটাৰে বিপুল অৰ্থ ব্যয় কৰি অত্যন্ত জাক জমকতাৰে বিশ্বকাপ ফুটবল আয়োজন কৰিছে যদিও মহোত্সৱৰ সুৰক্ষাৰ বাবে কাটাৰে নিয়োগ কৰিব বাধ্য হৈছে বিদেশী সেনা। এই খিনিলৈকে সকলো স্বাভাবিকতেই আছিল। পিচে নিৰাপত্তাৰ বাবে কাটাৰে যি দুখন দেশৰ সেনা নিয়োগ কৰিছে সেই দেশ দুখনেহে ৰাজনৈতিক আৰু সামৰিক বিশ্লেষকসকলৰ চিন্তাৰে খোৰাক দিছে।

বিশ্বকাপ ফুটবল টুৰ্ণামেণ্টখনৰ সুৰক্ষাৰ বাবে কাটাৰে প্ৰথমে আমন্ত্ৰণ কৰি নিছিল পাকিস্তানৰ সেনাক, যি পাকিস্তানী সেনাই নিজদেশৰ ভূখণ্ড ৰক্ষা কৰিবলৈকেই সমৰ্থ নহয়। সম্প্ৰতি তুৰস্কৰো সৈনিকক আমন্ত্ৰণ কৰি আনি টুৰ্ণামেণ্টখনৰ নিৰাপত্তাৰ দায়িত্ব দিছে কাটাৰ চৰকাৰে। কাটাৰ, পাকিস্তান আৰু তুৰস্ক, এই তিনিওখনেই উৎকট মুছলিম মৌলবাদী তথা বিশ্বজনীন ইছলামিক সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্ৰ। লগতে তিনিওখনৰে আছে ভাৰত বিৰোধী চৰিত্ৰ। কাশ্মিৰী সন্ত্ৰাসবাদীহঁতৰ জন্ম দিয়াৰ লগতে সিহঁতক সদায়েই পৃষ্ঠপোষকতা আগবাঢ়াই আহিছে পাকিস্তানে। এনেদৰে কাটাৰৰ বহুখিনি নিমন্ত্ৰণত আছে আফগানিস্তানৰ তালিবানী অপশক্তি। এই কাটাৰেই তথাকথিত ডোহা চুক্তিৰ জৰিয়তে আফগানিস্তানৰ পৰা আমেৰিকাৰ অপসাৰণ আৰু দেশখনৰ শাসন ক্ষমতালৈ তালিবানৰ প্ৰত্যাবৰ্তন সম্ভব কৰি তুলিছিল। আনহাতে তুৰস্ক হৈছে বিশ্বত্ৰাস, কুখ্যাত ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছিৰ মুখ্যপৃষ্টঠপোষক। এসময়ত মস্তাফা কামাল পাছাৰ নেতৃত্বত প্ৰগতিশীল, উদাৰবাদী ৰূপে গ্ৰহণ কৰা তুৰস্কই এতিয়া বৰ্তমানৰ ৰাষ্ট্ৰপতি এৰ্ডোগানৰ নেতৃত্বত আকৌ মৌলবাদী ৰূপ পৰিগ্ৰহণ কৰিছে। অৰ্ডোগান আনকি ইচ্ছুক আইছিছৰ জৰিয়তে বিশ্বত পুনৰ খলিতন্ত্ৰ স্থাপনৰ প্ৰতিত্ত। এই তিনিওখন ৰাষ্ট্ৰৰ ভাৰতবিৰোধী চৰিত্ৰও সাৰ্বজনবিদিত। পাকিস্তান ভাৰতৰ চিৰস্থায়ী শত্ৰু। এনে পাকিস্তানকে অত্যাধিক ড্ৰোণকে ধৰি বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰে শক্তিশালী কৰি তোলাত ব্যস্ত তুৰস্ক। ছাইপ্ৰাইছক লৈও আংকাৰা মহলৰ লগত আছে নতুন দিল্লীৰ মনোমালিন্য। ইফালে কাটৰ দেশখন হৈছে ভাৰতীয় সংস্কৃতিক অপসাৰণ কৰা চিত্ৰশিল্পী মকবুল ফিদাহুছেইনৰ আশ্ৰয়দাতা দেশ। উক্ত তিনিওখন দেশ এতিয়া একত্ৰিত হৈছে বিশ্বকাপ ফুটবলৰ নিৰাপত্তাৰ গহনা লৈ। বিশ্লেষকসকলৰ মতে এয়া দৰাচলতে এক নতুন ভাৰতবিৰোধী, ইছলামিক জোঁটবন্ধনৰ উকমুকনি। হয়তো বিশ্বকাপ টুৰ্ণামেণ্টখনৰ পিচে পিচেই এক জোঁটবন্ধনে আনুষ্ঠানিক ৰূপ পাব। বিপদ বাঢ়িব ভাৰতৰ। এতিয়া লক্ষণীয় হ’ব এই বিপদৰ মুখামুখি হ’বলৈ ভাৰতে কি ব্যৱস্তা গ্ৰহণ কৰে সেইটোহে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ভাৰতৰ আক্ৰমণৰ পিছত সেনাৰ মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰাৰ পৰিকল্পনা পাকিস্তানৰ

ভাৰতৰ আক্ৰমণত পাকিস্তানৰ নুৰ খান বিমান ঘাটিত হোৱা ব্যাপক...

আমেৰিকাক শূন্য শুল্ক দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ পাকিস্তানৰ

পাকিস্তানে আমেৰিকাক নিৰ্বাচিত পণ্যৰ ওপৰত শূন্য শুল্কৰ দ্বিপাক্ষিক বাণিজ্য...

ভাৰত-ভূটান সীমান্ত এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ

জনতা ভৱনত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ স্বাস্থ্যমন্ত্ৰী...

ভাৰতত এপলৰ সামগ্ৰী বনোৱা বন্ধ কৰিবলৈ ট্ৰাম্পৰ প্ৰস্তাৱ

মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে Appleৰ CEO টিম কুকক ভাৰতত...