ছয়াবিনৰ খেতিৰে নতুন বিপ্লৱ অনা কৃষকক ‘অংকুৰিত অসম’ৰ সম্বৰ্দ্ধনা

৭০ শতাংশ কৃষিজীৱি লোক থকা অসমত খেতিৰ বতৰত এতিয়া ছন পৰি ৰৈছে বিভিন্ন প্ৰান্তৰ বহু পথাৰ। কাৰণ খেতি কৰিবলৈ অসমীয়া লোকৰ হেমাহি। চৰকাৰী অভিলাসী আঁচনিৰ কৃপাত ঘৰতে বহি চাউলৰ পৰা অন্যান্য সামগ্ৰী উপলব্ধ হোৱাৰ ফলতো একাংশৰ অনীহা বৃদ্ধি কৃষি কৰ্মলৈ। ইয়াৰ মাজতে একাংশ কৃষকে ৰাজ্যলৈ আনিছে আশাৰ বতৰা। ওদালগুৰিৰ সমীপৰ পথাৰত ১৮ বিঘা ভূমিত Soyabeanৰ খেতি কৰি লাভান্বিত হৈছে এইসকল কৃষক। ওদালগুৰৰ দাওগালং ছয়া ছচাইটিৰ এই পদক্ষেপে অসমৰ কৃষকৰ বাবে কঢ়িয়াইছে আশাৰ বতৰা। কাৰণ একে পৰিমাণৰ ভূমিত ধানৰ স্থানত ছয়া খেতি কৰিলে কৃষক একোজন উপকৃত হ’ব পাৰে ৪গুণ পৰিমাণে। অসমত ছয়া খেতি নহয় বুলি থকা ধাৰণা এই উদ্যমি কৃষকসকলে ভুল প্ৰতিপন্ন কৰিলে।

এইসকল পৰিশ্ৰমী কৃষকক সন্মানিত কৰিবলৈ ‘ অংকুৰিত অসম ‘ নামৰ সংগঠনে ক্ষেত্ৰীৰ সমীপৰ টেঘেৰিয়া জলপ্ৰপাতৰ পথত থকা কৃষি পামত অনন্য সুন্দৰ প্ৰাকৃতিক পৰিৱেশত আয়োজন কৰে এক ব্যতিক্ৰমী অনুষ্ঠানৰ। চৰকাৰৰ কৃষি বিভাগৰ যিটো কৰিবলগীয়া কাম সেইয়া উদ্যামী ব্যক্তি নাছেৰ হুছেইৰ নেতৃত্বত ‘অংকুৰিত অসমে ‘ কৰি এক বিৰল দৃষ্টান্ত দাঙি ধৰিছে। তেওঁলোকৰ মূল লক্ষ্য হ’ল অসমত চয়াবিনৰ খেতি কৰি কৃষকসকল যে লাভান্বিত হ’ব পাৰে সেইয়া প্ৰতিপন্ন কৰাটো।

কৃষকক উৎসাহিত কৰিবলৈ ‘ অংকুৰিত অসম’ৰ এই অভিনৱ অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশ লয় সাংবাদিক প্ৰণয় বৰদলৈয়ে । কৃষি বিভাগৰ যুটীয়া সঞ্চালক মৌচম হাজৰিকা, Nedfi, Neramic আদিৰ প্ৰাক্তন শীৰ্ষ কাৰ্যবাহী মনোজ কুমাৰ দাস, কৃষি বিষয়া ভূপেন দাস, কৃষি বিজ্ঞানী ড: জয়ৰাজ ভট্টাচাৰ্য, চৰকাৰী বিষয়া মনোৰঞ্জন বৰ্মণ আদিয়েও এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশ লৈ ‘অংকুৰিত অসম’ৰ এনে ব্যতিক্ৰমী পদক্ষেপৰ শলাগ লয়।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...