কাৰাবন্দী ইমৰান খানৰ মৃত্যু হৈছে নেকি? কিয় তেওঁৰ পৰিয়ালৰ লোকে ইমৰানক লগ কৰিব নোৱাৰে? পাকিস্তানত চলিছে জল্পনা-কল্পনা!

কাৰাগাৰত বন্দী পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ‘পাকিস্তান তেহৰিক-ই-ইনছাফ’ (পিটিআই) দলৰ প্ৰতিষ্ঠাপক মুৰব্বী ইমৰান খানক লৈ পাকিস্তানত বিভিন্ন জল্পনা-কল্পনা দ্ৰুতগতিত বিয়পি পৰিছে। একাংশই দাবী কৰিছে যে অকলশৰীয়া কোঠাত বন্দী হৈ থকা ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কজন গুৰুতৰভাৱে অসুস্থ। আন কিছুমানে কয় যে তেওঁক ৰাৱালপিণ্ডিৰ আদিয়ালা জেলৰ পৰা গোপনে স্থানান্তৰ কৰা হৈছে। আকৌ অনুগামীৰ এটা অংশই আশংকা কৰে যে- ইমৰানৰ জেলত মৃত্যু হৈছে!

যোৱা কেইসপ্তাহমানৰ পৰা ইমৰানক লগ কৰিব পৰা নাই পৰিয়ালৰ লোকে। এই ক্ষেত্ৰত পাকিস্তানী সেনাৰ সমৰ্থিত প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ চৰকাৰে কাৰাগাৰৰ নিয়মক সন্মান কৰা নাই। ১৯ নৱেম্বৰত ৰাৱালপিণ্ডিৰ আদিয়ালা জেলত ইমৰানক সাক্ষাৎ কৰাৰ সময়ত তেওঁৰ তিনিগৰাকী ভগ্নী – আলিমা, উজমা আৰু নুৰা খানে আৰক্ষীৰ বাধাৰ সন্মুখীন হয়। প্ৰতিবাদত ধৰ্ণাত বহি শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছত পিটিআইৰ নেতাসকলেও ইমৰানক সাক্ষাৎ কৰাত ব্যৰ্থ হয়। ইয়াৰ পিছত জল্পনা-কল্পনা বিয়পিবলৈ ধৰিলে।

পাকিস্তানৰ মূলসুঁতিৰ সংবাদ মাধ্যম আজিও ইমৰানক লৈ ‘মৌন’। যদিও ‘আফগান টাইমছ’ নামৰ আফগান সংবাদ মাধ্যমৰ এক্স-হেণ্ডলে ইতিমধ্যে দাবী কৰিছে যে ইমৰান জীয়াই থকা নাই। বুধবাৰে ইমৰান ক’ত আছে সেই প্ৰশ্নও উত্থাপন কৰে তেওঁৰ তিনিগৰাকী ভগ্নীয়ে। স্বাধীনতা সমৰ্থক বেলুচ সংগঠনৰ নিৰ্বাসিত চৰকাৰে বুধবাৰে বিয়লি ইংগিত দিয়ে যে পাকিস্তান সেনাৰ মুৰব্বী ফিল্ড মাৰ্শ্বাল আছিম মুনীৰ আৰু আই এছ আইয়ে ইমৰানক কাৰাগাৰত হত্যা কৰিছে। ‘বেলুচিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে’ ছ’চিয়েল মিডিয়াত এক বিবৃতিত নিজৰ আশংকা প্ৰকাশ কৰি লিখিছে, “যদি সঁচাকৈয়ে এনেকুৱা হয়, তেন্তে ইয়াৰ দ্বাৰা পাকিস্তানৰ সন্ত্ৰাসবাদী ৰাষ্ট্ৰৰ ধ্বংস নিশ্চিত হ’ব।”

একাধিক গোচৰত অভিযুক্ত ইমৰানে ২০২৩ চনৰ পৰা কাৰাগাৰত বন্দী হৈ আছে। চলিত বৰ্ষৰ আৰম্ভণিতে আদালতে তেওঁক আল কাদিৰ ট্ৰাষ্টৰ দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত কৰি ১৪ বছৰৰ কাৰাদণ্ড বিহে। পত্নী বুছৰা বিবিকো শাস্তি প্ৰদান কৰা হৈছে। পাকিস্তানৰ কাৰাগাৰৰ আইন অনুসৰি পৰিয়ালৰ লোকে সপ্তাহত এবাৰ ইমৰাণক লগ কৰিব পাৰে। কিন্তু অভিযোগ উত্থাপন হৈছে যে, শ্বাহবাজ চৰকাৰে সেই আইনক সন্মান কৰা নাই। যোৱা ছেপ্টেম্বৰ মাহত ইমৰানে পৰিয়ালৰ লোকসকলৰ জৰিয়তে অভিযোগ উত্থাপন কৰিছিল যে- সেনা প্ৰধান মুনীৰৰ নিৰ্দেশত তেওঁ আৰু বুছৰাক কাৰাগাৰৰ ভিতৰত মানসিকভাৱে অত্যাচাৰ কৰা হৈছে! ইয়াৰ পিছত আদিয়ালা জেলত ভ্ৰমণৰ ওপৰত বাধা আৰোপ আৰম্ভ হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...