বিধায়কৰ প্ৰশ্ন – অসমৰ CMজন খিলঞ্জীয়া হয় নে?

গুৱাহাটী, ২০ জুলাই, NKTV: বিধানসভাত খিলঞ্জীয়া মুছলমানৰ প্ৰতিনিধি নাই বুলি সোমবাৰে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIUDF-এ। AIUDFৰ বিধায়ক ৰফিকুল ইছলামে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী নিজেই খিলঞ্জীয়া হয়নে নহয় তাক লৈ প্ৰশ্ন উত্থাপন কৰে। খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ নোহাৱাকৈ মুখ্যমন্ত্ৰীয়ে বিভাজন কৰিব বিচাৰিছে বুলি বিধায়কজনে কয়। বিধায়ক অখিল গগৈয়ে AIUDFক সমালোচনা কৰাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে AIUDFৰ বিধায়ক ৰফিকুল ইছলামে। বৰপেটা, ধুবুৰী, বৰাকৰ মানুহ সহজ-সৰল হোৱা বাবে AIUDFক সাম্প্ৰদায়িক আখ্যা দি অখিলে ৰাজনীতিত খোপনি পুতিব বিচাৰিছে বুলি মন্তব্য কৰে বিধায়কজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...