বিধায়কৰ প্ৰশ্ন – অসমৰ CMজন খিলঞ্জীয়া হয় নে?

গুৱাহাটী, ২০ জুলাই, NKTV: বিধানসভাত খিলঞ্জীয়া মুছলমানৰ প্ৰতিনিধি নাই বুলি সোমবাৰে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIUDF-এ। AIUDFৰ বিধায়ক ৰফিকুল ইছলামে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী নিজেই খিলঞ্জীয়া হয়নে নহয় তাক লৈ প্ৰশ্ন উত্থাপন কৰে। খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ নোহাৱাকৈ মুখ্যমন্ত্ৰীয়ে বিভাজন কৰিব বিচাৰিছে বুলি বিধায়কজনে কয়। বিধায়ক অখিল গগৈয়ে AIUDFক সমালোচনা কৰাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে AIUDFৰ বিধায়ক ৰফিকুল ইছলামে। বৰপেটা, ধুবুৰী, বৰাকৰ মানুহ সহজ-সৰল হোৱা বাবে AIUDFক সাম্প্ৰদায়িক আখ্যা দি অখিলে ৰাজনীতিত খোপনি পুতিব বিচাৰিছে বুলি মন্তব্য কৰে বিধায়কজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...