ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী খামেনেইৰ চৰকাৰে বাছিজ নামৰ অৰ্ধসামৰিক গোটটোক মোতায়েন কৰিছে। মানৱ অধিকাৰ আয়োগৰ তথ্য অনুসৰি এই গোটটোৱে ইৰাণত এতিয়ালৈকে ৫০০গৰাকী আন্দোলনকাৰীক হত্যা কৰিছে। ইয়াক ইৰাণৰ আটাইতকৈ ভয়ংকৰ সামৰিক গোট বুলি গণ্য কৰা হয়। চৰকাৰৰ বিৰুদ্ধে আভ্যন্তৰীণ বিদ্ৰোহ ৰোধ কৰিবলৈ সৃষ্টি কৰা হৈছিল এই সংগঠনটো।

চিএনএনৰ তথ্য অনুসৰি, শুকুৰবাৰৰ নামাজৰ পিছত (৯ জানুৱাৰী) আলী খামেনেই দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। খামেনেই এই প্ৰতিবাদক আমেৰিকাৰ এজেণ্ডা বুলি অভিহিত কৰে। ভাষণত তেওঁ কয় যে, ইৰাণে কাকো প্ৰণাম নকৰে। ইয়াৰ পিছতে ইৰাণৰ সংসদৰ পৰামৰ্শ মতে বাছিজ গোটটোক ৰাজপথত মোতায়েন কৰা হয়।

বাচিজ মানে কি?
বাচিজ হৈছে পাৰ্চী শব্দ যাৰ অৰ্থ হৈছে “সংগঠিতকৰণ”। ১৯৭৯ চনত ইছলামিক বিপ্লৱৰ পিছত এই সংগঠন গঠন কৰা হৈছিল। সেই সময়ত ইছলামিক বিপ্লৱৰ নেতা আলী খামেনেই বিশ্বাস কৰিছিল যে, এই সংগঠনে ইৰাণক সদায় আমেৰিকাৰ পৰা ৰক্ষা কৰিব। বাচিজত কেৱল গ্ৰাম্য ইছলামিক ৰক্ষণশীল পটভূমিৰ লোকহে থাকে। স্থানীয় পৰ্যায়ত এই সংগঠনে মছজিদৰ জৰিয়তে মানুহক নিয়ন্ত্ৰণ কৰে।

এই সংগঠনটো বহুলাংশে ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ দ্বাৰা নিয়ন্ত্ৰিত। এই সংস্থাটোত প্ৰায় ২ কোটি সৈনিক আছে, যাৰ বয়স ১৮ৰ পৰা ৫০ বছৰৰ ভিতৰত। ২০০৯ চনৰ পৰা ২০২২ চনৰ ভিতৰত এই একেটা বাচিজ সংগঠনে ইৰাণৰ বিদ্ৰোহ দমন কৰিছিল। এতিয়া আকৌ এবাৰ বাচিজক ইৰাণৰ বিদ্ৰোহ দমনৰ দায়িত্ব দিয়া হৈছে।

আমেৰিকাই বাচিজ বাহিনী আৰু ইয়াৰ একাংশ সেনাপতিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। আমেৰিকাই ইয়াক এক বিপদজনক সংগঠন বুলি গণ্য কৰে। আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ মতে ইৰাণত মতানৈক্যৰ ঢৌক হিংসাত্মকভাৱে দমন কৰাত বাচিজ গোটে অগ্ৰণী ভূমিকা পালন কৰে।

ইৰাণত অশান্তি আৰু ইয়াৰ বিৰুদ্ধে কাৰ্য
২০২৫ চনৰ ২৭ ডিচেম্বৰৰ পৰা ইৰাণত মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে প্ৰতিবাদ। এই প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ মতে প্ৰতিবাদকাৰীৰ দাবী বৈধ যদিও একাংশই সমগ্ৰ বিক্ষোভটো হাইজেক কৰিছে।

HRANAৰ তথ্য অনুসৰি ইৰাণত এই প্ৰতিবাদ দমন কৰিবলৈ ৫০০ৰো অধিক সাধাৰণ নাগৰিকক হত্যা কৰা হৈছে। ইফালে, ইৰাণৰ প্ৰতিবাদৰ সমৰ্থনত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক বিবৃতি প্ৰকাশ কৰিছে। ইৰাণত যদি এই অত্যাচাৰ অব্যাহত থাকে তেন্তে সৈন্য প্ৰেৰণ কৰিব পাৰে বুলি ট্ৰাম্পে কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...