PoKত পাকিস্তানী সেনাক অপমান! ইউনিফৰ্ম আৰু হেলমেট বিক্ৰী কৰা হৈছে ১০ টকাত

পাকিস্তানৰ কবলত থকা কাশ্মীৰ (PoK)ত বিগত এসপ্তাহৰ পৰা বিৰোধ প্ৰদৰ্শন আৰু হিংসাত্মক ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে। এই সময়ত প্ৰচণ্ড উপদ্ৰৱ দেখা গৈছে। লগতে, প্ৰতিবাদকাৰীসকলে পাকিস্তানী নিৰাপত্তা বাহিনীৰ উপহাস কৰি তেওঁলোকৰ পোছাক, হেলমেটসমূহ বিক্ৰীৰ বাবে উলিয়াই দিছে, যাৰ মূল্য কেৱল ১০ টকা ৰখা হৈছে। ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ ভাইৰেল হৈ আছে।

পাক অধিকৃত জম্মু-কাশ্মীৰত (PoK) অদ্ভুত দৃশ্য

পাক অধিকৃত জম্মু-কাশ্মীৰ (PoK)ত অব্যাহত বিৰোধ প্ৰদৰ্শনৰ মাজত এটা বিশেষ দৃশ্য দেখা গৈছে। সাধাৰণ নাগৰিকসকলে পাকিস্তানী নিৰাপত্তা বাহিনীৰ উপহাস কৰি তেওঁলোকৰ পোছাক, হেলমেট আৰু ঢাল কেৱল ১০ টকাত বিক্ৰীৰ বাবে ৰাখিছে।

ভিডিঅ’ত দেখা যায় যে, এই সামগ্ৰীবোৰ PoKৰ জনসাধাৰণে পাকিস্তানী নিৰাপত্তা বাহিনীক নিজৰ কবলত লোৱাৰ পিছত লাভ কৰিছে। এই ভিডিঅ’টোও এতিয়া ছ’চিয়েল মিডিয়াত প্ৰচণ্ড ভাৱে ভাইৰেল হৈ আছে। প্ৰধানমন্ত্ৰী শ্বাহবাজ ছৰীফ আৰু সেনা প্ৰধান আছিম মুনিৰৰ সেনাই প্ৰতিবাদকাৰীসকলৰ ওপৰত গুলীবৰ্ষণ কৰিছে, কিন্তু তেওঁলোকে কোনোপধ্যেই প্ৰস্তুত নহয় প্ৰতিবাদ বন্ধ কৰিবলৈ।

পাক অধিকৃত কাশ্মীৰত বহু বেছি সংখ্যক লোকে পাকিস্তান চৰকাৰ আৰু নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে শ্লোগান দিছে। তেওঁলোকৰ দাবী- নিৰাপত্তা বাহিনী এতিয়া জনতাৰ বাবে ঢাল নহয়, জুলুমৰ অস্ত্ৰ হৈ পৰিছে। ইয়াৰ প্ৰতীকী প্ৰতিবাদ জনাবলৈ তেওঁলোকৰ পোছাক আৰু নিৰাপত্তাৰ সামগ্ৰী বিক্ৰীৰ নাটক কৰা হৈছে।

স্থানীয় লোকে কৈছে যে, মূল্যবৃদ্ধি, সংস্থাপন আৰু অব্যাহত দমনৰ বিৰুদ্ধে এই আন্দোলন এতিয়া কেৱল শ্লোগানতে সীমাবদ্ধ নহয়। বৰঞ্চ ব্যঙ্গ্য আৰু কটুক্তিৰ জৰিয়তেও নিজৰ ক্ৰোধ প্ৰকাশ কৰিছে।

PoKত বিগত কেইসপ্তাহৰ পৰা পাকিস্তান চৰকাৰ আৰু সেনাৰ বিৰুদ্ধে বৃহৎ স্তৰত আন্দোলন হৈ আছে। জনতাৰ ক্ৰোধ এই স্তৰলৈ বৃদ্ধি পাইছে যে, তেওঁলোকে এতিয়া নিৰাপত্তা বাহিনীৰ স্পষ্ট উপহাস কৰিবলৈ সংকোচ কৰা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...