মহিলা ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহ মিতালী ৰাজৰ

মহিলা ক্ৰিকেটত দপদপনি অব্যাহত মিতালী ৰাজৰ

মহিলা ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈ ৰূপে পৰিগণিত হ’ল মিতালী

আন্তৰ্জাতিক ক্ৰিকেটত ১০,০০০ৰো অধিক ৰাণ সংগ্ৰহ কৰিলে মিতালীয়ে

Sports Desk, NKTV: ভাৰতৰ অন্যতম শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ মিতালী ৰাজে গঢ়িলে আন এক অভিলেখ। ৩৮ বছৰীয়া ক্ৰিকেটাৰ গৰাকীয়ে ইংলেণ্ডৰ চাৰ্লট এডৱাৰ্ডৰ ৰেকৰ্ড ভংগ কৰি গঢ়িলে এই অভিলেখ। ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হৈ থকা এদিনীয়া শৃংখলাৰ তৃতীয়খন মেচত ৭৫ ৰাণ সংগ্ৰহ কৰি ভংগ কৰে এই অভিলেখ। আটাইকেইটা ফৰ্মেটতে সৰ্বমুঠ ১০,৩৩৭ ৰাণ সংগ্ৰহ কৰে মিতালী ৰাজে। ইয়াৰ আগতে ইংলেণ্ডৰ এডৱাৰ্ডে ১০,২৭৩ ৰাণ সংগ্ৰহ কৰি মহিলা ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈ ৰূপে পৰিগণিত হৈছিল। মিতালী ৰাজে টেষ্ট ক্ৰিকেটৰ ১১ খন মেচত সংগ্ৰহ কৰিছে ৬৬৯ ৰাণ। এদিনীয়া ক্ৰিকেটত ২১৭ খন মেচত সংগ্ৰহ কৰিছে ৭,৩০৪ ৰাণ। আৰু টি-২০ ক্ৰিকেটত ৮৯ মেচত সংগ্ৰহ কৰিছে ২,৩৬৪ ৰাণ। এই মেচ খনতে মিতালী ৰাজে গঢ়ে আন এক অভিলেখ।

এদিনীয়া ক্ৰিকেটত অধিনায়ক হিচাপে সৰ্বাধিক জয়ৰ সোৱাদ ল’লে মিতালীয়ে

অধিনায়ক হিচাপে ৮৪খন মেচত জয়লাভ কৰিছে মিতালী নেতৃত্বাধীন ভাৰতীয় দলটোৱে

মিতালীৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক বেলিন্দা ক্লাৰ্ক আছিল শীৰ্ষত

অধিনায়ক হিচাপে ক্লাৰ্কে জিকাই আনিছিল ৮৩খন মেচ

কেৱল এই দুই অভিলেখেই নহয়, এদিনীয়া ক্ৰিকেটত অধিনায়ক হিচাপে ৬০০০ ৰাণো সম্পূৰ্ণ কৰে মিতালী ৰাজে। ইংলেণ্ডৰ চাৰ্লট এডৱাৰ্ডৰ পিছত মিতালীয়েই হৈছে অধিনায়ক হিচাপে ৬০০০ ৰাণ গঢ়া দ্বিতীয় গৰাকী মহিলা খেলুৱৈ। মিতালী ৰাজৰ এই সফলতাই প্ৰতিগৰাকী ভাৰতীয় সমৰ্থকক আনন্দিত কৰাৰ সময়তে ইংলেণ্ডৰ সৈতে অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাটো নিজৰ হাতলৈ অনাত বিফল হয় দলটো। এদিনীয়া শৃংখলাত পৰাস্ত হোৱাৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে ৩ খন টি-২০ শৃংখলা খেলিবলৈ সাজু হৈছে ভাৰতীয় দলটো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...