তীব্ৰ উত্তেজনাৰ মাজতে ঢাকাত ভাৰতৰ বিদেশ সচিব

ভাৰত–বাংলাদেশৰ মাজত চলি উদ্বেগজনক পৰিস্থিতিৰ মাজতে সোমবাৰে ঢাকাত অনুষ্ঠিত হ’ল দুই দেশৰ বৈদেশিক সচিব পৰ্যায়ৰ আলোচনা। ৫ আগষ্টত শ্বেখ হাছিনাৰ পতনৰ পিছত প্ৰথম বাৰৰ বাবে ভাৰত–বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ল শীৰ্ষ পৰ্যায়ৰ চৰকাৰী বৈঠক। বাংলাদেশত চলি থকা ভাৰতবিৰোধী প্ৰতিবাদ আৰু হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনৰ বিৰুদ্ধে দেশত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে ঢাকাত বিদেশ সচিব পৰ্যায়ত হোৱা আলোচনা বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। কিন্তু

কি আলোচনা হ’ল দুই দেশৰ বিদেশ সচিবৰ মাজত? বাংলাদেশত হিন্দুৰ ওপৰত চলি থকা নিৰ্যাতন আৰু ধৰ্মগুৰু চিন্ময়কৃষ্ণ দাসৰ গ্ৰেপ্তাৰক লৈ বাংলাদেশৰ লগতে ভাৰততো তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে। ইয়াৰ উপৰি একাংশ বাংলাদেশীয়ে ভাৰতৰ বিৰুদ্ধে স্থিতি লৈছে। ইউনুছ চৰকাৰৰ ওপৰতো এনে অভিযোগ উঠিছে যে বাংলাদেশক এখন ইছলামিক ৰাষ্ট্ৰ কৰাৰ বাবে চেষ্টা চলিছে। এনে অৱস্থাতো ঢাকাত উপস্থিত হৈ ভাৰতৰ বিদেশ সচিব বিক্ৰম মিশ্ৰিয়ে দুই দেশৰ মাজত সম্পৰ্ক সৌহাদ্যপূৰ্ণ কৰি ৰক্ষাত গুৰুত্ব দিয়াৰ লগতে হিন্দু সংখ্যালঘূৰ নিৰাপত্তা বিষয় দ্বিপাক্ষিক বৈঠকত উত্থাপন কৰিলে।

বৈঠকৰ বাবে সোমবাৰে পুৱা ঢাকাত উপস্থিত হয় বিদেশ সচিব বিক্ৰম মিশ্ৰি। বাংলাদেশৰ ৰাষ্ট্ৰীয় অতিথিশালা পদ্মা ভৱনত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠকখন। দুঘণ্টা যোৰা বৈঠকখনত অংশ লয় বাংলাদেশৰ বিদেশ সচিব জছীম উদ্দিনৰ নেতৃত্বত এটা বিশেষ দলে। এই বৈঠকৰ পিছত অন্তৰ্ৱতীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্ম ইউনুছৰ সৈতেও এক সৌজন্যমূলক সাক্ষাৎ হয় ভাৰতৰ বিদেশ সচিবজনৰ। সৌহাদ্যপূৰ্ণ পৰিৱেশত বৈঠক অনুষ্ঠিত হ’লেও ভাৰতৰ বিদেশ সচিবৰ বাংলাদেশ ভ্ৰমণক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বাংলাদেশত। BNP-এ তীব্ৰ বিৰোধিতা কৰে ভাৰতৰ বিদেশ সচিবৰ বাংলাদেশ ভ্ৰমণৰ। এদিন পূৰ্বে প্ৰতিবাদী কাৰ্সূচীও পালন কৰে BNP–এ।

ইফালে বাংলাদেশৰ হিন্দু নিৰ্যাতনক লৈ ভাৰতত অব্যাহত আছে প্ৰতিবাদ। বাংলাদেশতো ভাৰতবিৰোধী প্ৰতিবাদ চলি আছে। একাংশ মৌলবাদীয়ে অসম, ত্ৰিপুৰা, কলকাতা দখলৰো হুংকাৰ দিছে। এনে অৱস্থাত দুই দেশৰ বিদেশ সচিবৰ বৈঠকে কি পৰিবৰ্তন আনে সেয়া লক্ষণীয় হ’‍ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...