তালিবান চৰকাৰ : প্রথমবাৰৰ বাবে বিবৃতি প্রকাশ কৰিলে ভাৰতে

তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰ পৰিস্থিতিক লৈ প্রথমবাৰৰ বাবে বিবৃতি প্রকাশ কৰিলে ভাৰতে। অষ্ট্রেলিয়াৰ বিত্তমন্ত্রী আৰু প্রতিৰক্ষা মন্ত্রীৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত কেন্দ্রীয় বৈদেশিক মন্ত্রী এছ জয়শংকৰে আফগানিস্তানক লৈ বিবৃতি প্রকাশ কৰে। কেন্দ্রীয় বৈদেশিক মন্ত্রী জয়শংকৰে কয় যে, সন্ত্রাসবাদী সংগঠনৰ দ্বাৰা আফগানিস্তানত গঠন কৰা নতুন চৰকাৰত নিষিদ্ধ সন্ত্রাসবাদী গোটৰ অন্তর্ভুক্তিয়ে নতুন দিল্লীক উদ্বিগ্ন কৰিছে। অর্থাৎ তালিবান চৰকাৰক লৈ উদ্বিগ্ন ভাৰত।

উল্লেখ্য যে, অষ্ট্রেলিয়াৰ বিত্তমন্ত্রী আৰু প্রতিৰক্ষা মন্ত্রীৰ ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰ আৰু প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ মাজত বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দুয়োখন দেশে আফগানিস্তানৰ পৰিস্থিতিক লৈ উদ্বিগ্নতা প্রকাশ কৰে। তেনেদৰে প্রশান্ত মহাসাগৰীয় অঞ্চলৰ লগতে পূৱ আৰু দক্ষিণ চীন সাগৰক লৈও বিতং আলোচনাৰ সময়ত এই অঞ্চল দুটা মুক্ত আৰু সুৰক্ষিত কৰি ৰখাৰ বাবে সহমত প্রকাশ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...