ভাৰতৰ সাফল্যই বিশ্বজুৰি নতুন আশাৰ সঞ্চাৰ কৰিছে: প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতৰ সাফল্য আৰু উপলব্ধিয়ে সমগ্ৰ বিশ্বত নতুন আশাৰ সৃষ্টি কৰিছে। তেওঁ কয়, আজি সমগ্ৰ বিশ্বই কৈছে যে – এয়া ভাৰতৰ যুগ। নতুন দিল্লীত এটা ব্যক্তিগত সংবাদ চেনেলে আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি মোদীয়ে কয় যে, ভাৰতে আজি বিশ্বৰ অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে আৰু উন্নয়নৰ পথত দ্ৰুতগতিত আগবাঢ়িছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, আজিৰ ভাৰতে ডাঙৰ সপোন দেখে, উচ্চাকাংক্ষী লক্ষ্য নিৰ্ধাৰণ কৰে আৰু আচৰিত ফলাফল প্ৰদান কৰে। তেওঁ কয়, ভাৰত সৌৰশক্তিৰ ক্ষমতাৰ দিশৰ পৰা বিশ্বৰ শীৰ্ষ পাঁচখন দেশৰ ভিতৰত আছে। তেওঁ জানিবলৈ দিয়ে যে, এতিয়ালৈকে প্ৰত্যক্ষ লাভ স্থানান্তৰ (Direct Benefit Transfer)ৰ জৰিয়তে একাউণ্টত ৪২ লাখ কোটি টকা স্থানান্তৰ কৰা হৈছে। মোদীয়ে কয়, ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা উঠাই অনা হৈছে। লগতে কয়, তেওঁ ৰাজনীতিলৈ ১ লাখ যুৱক-যুৱতীক আনিব বিচাৰে, অৱশ্যে তেওঁলোকৰ পৰিয়ালত প্ৰথমবাৰৰ বাবে ৰাজনীতিত প্ৰৱেশ কৰা লোক হ’ব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমে ভ্ৰমণ, তাৰ পিছত যুদ্ধ… গণৰাজ্য দিৱসৰ মুখ্য অতিথি হোৱা পাকিস্তানী নেতা দুজন কোন আছিল?

ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিদেশী অতিথিক নিমন্ত্ৰণ কৰাৰ...

পদ্ম সন্মান লাভ কৰা ব্যক্তিয়ে কি কি লাভ কৰে? তিনিটা সন্মানৰ মাজত কি পাৰ্থক্য আছে?

ভাৰত চৰকাৰে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্ম সন্মান...

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘উল্লাস’ৰ এদিনীয়া কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত 'উল্লাস'ৰ এদিনীয়া কৰ্মশালাঅনাখৰীজনো শিক্ষিত, সাক্ষৰ কৰিবলৈ লাগিব...

বৃহস্পতিবাৰে লাভ কৰিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ, চাকৰিত যোগদান কৰা নহ’ল…তীব্ৰবেগী এম্বুলেঞ্চৰ খুন্দাত শেষ হৈ গ’ল সকলো

সৰস্বতী পূজাৰ দিনটোতেই গুৱাহাটীৰ কাহিলীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এম্বুলেঞ্চৰ...