ভাৰতৰ আটাইতকৈ কম ধাৰ্মিক হিন্দু, শিখ যুৱকসকলে সৰ্বাধিক বিশ্বাস কৰে ভগৱানক

হিন্দু যুৱকসকল ভাৰতৰ আটাইতকৈ কম ধাৰ্মিক লোক। দেশৰ যুৱক-যুৱতীসকলৰ ভিতৰত হিন্দু যুৱকসকলে আটাইতকৈ কম ধৰ্মত বিশ্বাস কৰে। CSDS-লোকনীতি নামৰ সংস্থাটোৱে চলোৱা সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। এই সমীক্ষাত বহুতো আকৰ্ষণীয় তথ্য উন্মোচিত হৈছে। প্ৰায় ৮২ শতাংশ শিখ ধৰ্মীয় যুৱকে নিজৰ ধৰ্মত বিশ্বাস কৰে অথবা ধৰ্মীয় ৰীতি-নীতি অনুসৰণ কৰে। একেদৰে হিন্দু ধৰ্মৰ ক্ষেত্ৰত মাত্ৰ ৩১ শতাংশ হিন্দুৱেহে হিন্দু ধৰ্মৰ লোকাচাৰত বিশ্বাস কৰে।

কেৱল সেয়াই নহয়, দেশত অধ্যয়নৰ ক্ষেত্ৰত ছোৱালী বা মহিলাসকল আগবাঢ়ি আছে। কিন্তু যেতিয়াই চাকৰি বা নিযুক্তিৰ কথা আহে, ছোৱালীবোৰ পিছ পৰি থাকে। আজিও যুৱসকলৰ কেৰিয়াৰৰ বাবে প্ৰথম পছন্দ হৈছে চৰকাৰী চাকৰি। অৱশ্যে, কভিডকালৰ পিছত দেশৰ যুৱপ্ৰজন্মৰ ব্যৱসায় কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। CSDSৰ ‘ইণ্ডিয়ান য়ুথ: এস্পিৰেচনছ এণ্ড ভিজন ফৰ দা ফিউচাৰ’ শীৰ্ষক জৰীপত প্ৰকাশ পাইছে এই তথ্য। এই জৰীপত ১৫ৰ পৰা ৩৪ বছৰ বয়সৰ ১৮খন ৰাজ্যৰ প্ৰায় ৬ হাজাৰ যুৱকক অন্তৰ্ভুক্ত কৰা হৈছিল।

আনহাতে, উদ্বেগজনকভাবে সকলো ধৰ্মৰ যুৱক-যুৱতীৰ বিয়াৰ বয়সৰ ক্ষেত্ৰত দূৰত্ব বৃদ্ধি পাইছে। নিবনুৱা অধিকাংশ যুৱক আগ্ৰহী নহয় বিবাহৰ বাবে। চি.এছ.ডি.এছ.-লোকনীতিয়ে ভাৰতীয় যুৱকসকলৰ ওপৰত চলাইছিল এই সমীক্ষা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...