দেশৰ সেৱাত ভাৰতীয় সেনা; জলবন্দীক উদ্ধাৰ কৰি সেনাই দেখুৱাইছে মানৱীয় প্ৰমূল্যবোধ

অম্লানজ্যোতি শইকীয়া

অসমৰ ৭ খনকৈ জিলাত একেৰাহে চতুৰ্থ দিনৰ বাবে ভাৰতীয় সেনাই বানাক্ৰান্তক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে। প্ৰতিকূল বতৰৰ মাজতো ১৪টা কম্পোজিট কলামে (Composite column) ৰোগী, বৃদ্ধ মহিলা আৰু শিশুকে ধৰি জলবন্দী হৈ থকা প্ৰায় ৪,৫০০ স্থানীয় লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। উদ্ধাৰ অভিযানৰ লগতে ভাৰতীয় সেনাই আন হাজাৰ হাজাৰ স্থানীয় লোকক সহায় কৰিবলৈ সাহায্য শিবিৰসমূহলৈ সময়মতে খাদ্য সামগ্ৰীৰ যোগান ধৰিছে।

দুৰ্যোগৰ এই সময়তে কিছু বিশেষ কাহিনী পোহৰলৈ আহিছে, তেনে এটি কাহিনী হৈছে বজালী জিলাৰ পাঠশালাৰ কেপ্তেইন ৰূপম দাসৰ দ্বায়িত্ববোধ। নলবাৰী জিলাৰ সাঠিকুছি গাঁৱত সাহায্য অভিযানৰ অংশ হিচাপে নিষ্ঠাৱান বিষয়াজনে জলবন্দী হৈ থকা শতাধিক লোকৰ জীৱন ৰক্ষা কৰে। ইফালে, বিষয়াজনৰ পৰিয়ালৰ সদস্যসকলো এই বৰ্ষৰ প্ৰলয়ংকাৰী বানত জুৰুলা। তথাপিও, দেশ-জনসাধাৰণৰ স্বাৰ্থত পৰিয়ালৰ দ্বায়িত্বকো একাষৰীয়া কৰি থৈ জনসাধাৰণৰ স্বাৰ্থত দিনে-নিশাই কাম কৰি গৈছে বিষয়াজনে।

তেওঁৰ এই কাৰ্য মানৱতা, দেশৰ জনসাধাৰণ আৰু জাতিৰ নিঃস্বাৰ্থ সেৱাৰ এক ব্যতিক্ৰমী উদাহৰণ ৷ এনে প্ৰেৰণাদায়ক কাৰ্যই মানৱীয় মূল্যবোধ, শক্তিশালী সামৰিক গ্ৰুমিং প্ৰকাশ কৰে আৰু দেশৰ যুৱক-যুৱতীসকলক ভাৰতীয় সেনাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰি তুলিছে।

কামৰূপ জিলাৰ পালেপাৰা গাঁৱত বিগত তিনিদিন ধৰি ঘৰতে আৱদ্ধ হৈ থকা এগৰাকী কৰ্কট ৰোগী, ৪০বছৰীয়া এগৰাকী মহিলাক উদ্ধাৰ কৰি স্বাস্থ্যসেৱাৰ বাবে গুৱাহাটীৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ভাৰতীয় সেনাই। বাক্সা জিলাৰ কদমতোলা আৰু হোলাপাৰাত তিনিজন বয়োজ্যেষ্ঠ লোকক নিৰাপদে উদ্ধাৰ কৰিছে সেনাই। এনে নিঃস্বাৰ্থ সেৱাই নাগৰিকসকলৰ মাজত আৰ্মি অৱ দ্য নেশ্বনৰ ওপৰত থকা দৃঢ় বিশ্বাসক আৰু অধিক শক্তিশালী কৰি তুলিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...