কপিল দেৱ, ধোনীৰ পিছত বিৰাট কোহলীৰ নতুন অভিলেখ

লৰ্ডছ টেষ্টত ঐতিহাসিক জয় টীম ইণ্ডিয়াৰ

ভাৰতীয় বলিঙৰ সন্মুখত ধুলিস্যাৎ ইংলেণ্ড

কপিল দেৱ, মহেন্দ্ৰ সিং ধোনীৰ পিছত বিৰাট কোহলীৰ অভিলেখ

সোমবাৰে লৰ্ডছ টেষ্টত ঐতিহাসিক বিজয় সাব্যস্ত কৰিলে ভাৰতীয় ক্ৰিকেট দলে। এই জয়ৰ পিছত পাঁচখনীয়া শৃংখলাত কোহলী ব্ৰিগেডে ১-০ৰ অগ্ৰগতি লাভ কৰে। ভাৰতৰ বিধ্বংসী বলিঙৰ সন্মুখত এটাৰ পিছত এটাকৈ উইকেট হেৰুৱাইছিল ইংলেণ্ডে।  ১২০ ৰাণত ইনিংছ সামৰে ইংলেণ্ডে। ১৫১ ৰাণত বিজয় সাব্যস্ত কৰা টীম ইণ্ডিয়াৰ দ্বিতীয় ইনিংছত উজলি উঠিছিল মহম্মদ চিৰাজ। চিৰাজে অকলেই  চাৰিটা উইকেট লোৱাৰ উপৰিও যশপ্ৰীত বুমৰাহে তিনিটা উইকেট দখল কৰে। মহম্মদ চিৰাজ, যশপ্ৰীত বুমৰাহ, ইশান্ত শৰ্মা আৰু মহম্মদ ছামীৰ বাবেই প্ৰাণ পাই উঠিছিল টেষ্ট মেছখন। চতুৰ্থ দিনৰ আৰম্ভণি ভাৰতীয় ক্ৰিকেট দলৰ বাবে একেবাৰে সন্তোষজনক নাছিল। অৱশ্যে, ভাৰতীয় ক্ৰিকেট দলৰ উপ-অধিনায়ক আজিংক্য ৰাহানে আৰু চেতেশ্বৰ পূজাৰাই এই কঠিন উইকেটত যুঁজ দিয়াৰ ফলত ভাৰতৰ সন্মান কিছু পৰিমাণে ৰক্ষা পৰে। লৰ্ডছ টেষ্টৰ চতুৰ্থ দিনৰ শেষত ভাৰতে ৬ উইকেটত ১৮১ ৰাণ কৰিছিল। খেলখনৰ দ্বিতীয় ইনিংছত ১৫৪ ৰাণত আগবাঢ়ি আছিল। ১৯৮৬ চনত কপিল দেৱ আৰু ২০১৪ চনত ধোনীৰ অধিনায়কত্বৰ পিছত ভাৰতে কোহলীৰ অধিনায়কত্বত লৰ্ডছত তৃতীয়বাৰৰ বাবে বিজয় সাব্যস্ত কৰিছে। সোমবাৰে ইংলেণ্ডে ভাৰতৰ বিৰুদ্ধে ২৭২ ৰাণৰ লক্ষ্যক চোঁচা ল’বলৈ গৈ ১ ৰাণত দুজন অপেনাৰ হেৰুৱাই নিজৰ বিপদ নিজে মাতি আনিছিল।

পৰৱৰ্তী সময়ত ৭ জন বেটছমেন ৯০ ৰাণত পেভেলিয়নমুখী হোৱাৰ পাছত আয়োজক দলটোৰ পৰাজয় প্ৰায় নিশ্চিত হৈ পৰিছিল। জছ বাটলাৰে অষ্টম উইকেটৰ বাবে ৰবিনছনৰ সৈতে দলৰ পৰাজয় এৰাই চলিবলৈ যথাসাধ্য চেষ্টা কৰিছিল। কিন্তু দিনটোৰ খেল শেষ হোৱাৰ আগতে ৰবিনছন ৯.১ অ’ভাৰত পেভিলিয়নমুখী হৈছিল। মাৰ্ক উড আৰু জেমছ এণ্ডাৰছনে পৰাজয় এৰাই চলিবলৈ অন্তিম ৮.৪ অভাৰ খেলিব লগা হৈছিল। কিন্তু ভাৰতীয় বলিং বিক্ৰমত স্তিমিত হৈ পৰিছিল এণ্ডাৰছন। লোকেশ ৰাহুল আৰু ৰোহিত শৰ্মাৰ অৰ্ধশতকৰ সৈতে ভাৰতে প্ৰথম ইনিংছত ৩৬৪ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত বেটিং কৰি ইংলেণ্ডে জ’ ৰুটৰ অপৰাজিত ১৮০ ৰাণত ২৭ ৰাণৰ অগ্ৰগতি লাভ কৰি ৩৯১ ৰাণ সংগ্ৰহ কৰে। দ্বিতীয় ইনিংছত ভাৰতে ৮ উইকেট হেৰুৱাই ২৯৮ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে আটাইকেইটা উইকেট হেৰুৱাই ১২০ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। অৱশেষত ভাৰতে ১৫১ৰানৰ বৃহৎ ব্যৱধানত ঘৰুৱা দলটোৰ বিৰুদ্ধে জয়লাভ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...