তালিবানক লৈ আশ্বস্ত হ’ব পৰা নাই আফগান নাগৰিক

আফগান চৰকাৰক ওফৰাই সমগ্ৰ আফগানিস্তান দখল কৰাৰ পিছত এতিয়া শংকিত সমগ্ৰ বিশ্ব। ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ পলায়নৰ পিছতে দেশখনত আৰম্ভ হৈছে তালিবানীৰাজ। আফগানিস্তানৰ চৌদিশে এতিয়া আতংক আৰু শংকা। প্ৰায় জনশূণ্য হৈ পৰিছে ৰাজধানী কাবুলৰ বাটপথ। আফগানিস্তানত পুনৰ তালিবানৰ নৃশংসতাক স্মৰণ কৰি শংকিত হৈ পৰিছে দেশবাসী। ইয়াৰ লগে লগে চিন্তিত বিদেশী ৰাষ্ট্ৰৰ আফগানিস্তানত থকা নাগৰিকসকলো। ইতিমধ্যে ভাৰতকে ধৰি বিভিন্ন দেশে আফগানিস্তানৰ পৰা নিজৰ দেশৰ নাগৰিকসকলক নিৰাপদে স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আজি পুৱা ৰাজধানী কাবুলৰ পৰা ১৪০জন ভাৰতীয় নাগৰিকক লৈ এখন বিশেষ বিমান গুজৰাটৰ জামনগৰত অৱতৰণ কৰে। আমেৰিকা, বৃটেইন আদিকে আন কেবাখনো দেশেও তেওঁলোকৰ নাগৰিকসকলক আফগানিস্তানৰ পৰা ঘূৰাই নিয়াৰ ব্যৱস্থা কৰিছে। ইপিনে তালিবানৰ আমোলত দেশখনৰ সাধাৰণ নাগৰিকসকলো নিজৰ ভৱিষতকলৈ শংকিত হৈ পৰিছে। একাংশ লোকে তালিবানৰ শাসনক স্বীকাৰ কৰি লবলৈ সাজু হৈছে যদিও আন একাংশই প্ৰাণৰ আশংকাত দেশ এৰি পলায়ন কৰিবলৈ সাজু হৈছে। দেওবাৰে নিশাৰে পৰা কাবুল বিমানকোঠত হেজাৰ হেজাৰ লোকে ভিৰ কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰিবলৈও বাধ্য হৈছে। অশান্ত আফগানিস্তানত এতিয়া নিৰাপত্তা বুলিবলৈ একো নাইকীয়া হৈছে। আমেৰিকাই ইতিমধ্যে স্পষ্ট কৰি দিছে যে মাৰ্কিন সেনা অপসাৰণৰ বাবেই আফগানিস্তানৰ আজি এই অৱস্থা হোৱা বুলি বিভিন্ন মহলে অভিযোগ কৰিছে যদিও ইয়াৰ কোনো ভিত্তি নাই। কিয়নো মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ মতে আমিৰকাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈহে সেনা নিয়োগ কৰিছিল, আফগানিস্তানক গঢ় দিবলৈ নহয়। ইয়াৰ পিছতে অধিক শংকিত হৈ পৰিছে আফগান নাগৰিকসকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...