আমেৰিকাৰ সৈতে দিল্লীৰ বুজাবুজি এতিয়াও বাকী আছে! কিন্তু আমেৰিকাৰ ‘বন্ধু’ ইজৰাইলৰ সৈতে শীঘ্ৰেই চুক্তি হ’ব ভাৰতৰ!

ইজৰাইলৰ সৈতে ভাৰতে অহা সপ্তাহত দ্বিপাক্ষিক বিনিয়োগ চুক্তি সম্পন্ন কৰিব পাৰে। ইজৰাইলৰ বিত্তমন্ত্ৰী বেজালেল স্মোট্ৰিচ তিনিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে ভাৰতলৈ আহিব। এই ভ্ৰমণৰ সময়ত দুই দেশৰ মাজত দ্বিপাক্ষিক মুক্ত বাণিজ্য চুক্তি (এফটিএ)ৰ বিষয়ে আলোচনা হ’ব পাৰে। সংবাদ সংস্থা পিটিআইৰ খবৰ অনুসৰি, এফটিএৰ আলোচনাৰ লগতে নতুন দিল্লী আৰু তেল আভিভে দ্বিপাক্ষিক বিনিয়োগ চুক্তিও সম্পন্ন কৰিব পাৰে।

ৰাছিয়াৰ সৈতে ভাৰতৰ ব্যৱসায়িক সম্পৰ্কৰ বাবে শেহতীয়াকৈ ভাৰত আৰু আমেৰিকাৰ মাজত কিছু কূটনৈতিক সংঘাতৰ সৃষ্টি হৈছিল। যদিও শেহতীয়া দিনবোৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পোষ্টত এই কূটনৈতিক সংঘাত হ্ৰাস পোৱাৰ ইংগিত পোৱা গৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও জনাইছে যে তেওঁ ট্ৰাম্পৰ ইতিবাচক মন্তব্যৰ প্ৰতিদান দিবলৈ প্ৰস্তুত। কিন্তু আমেৰিকাৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক বাণিজ্য চুক্তি এতিয়াও স্থগিত হৈ আছে।

মোদী চৰকাৰে শেহতীয়াকৈ এইটোও স্পষ্ট কৰিছে যে, ভাৰত কোনো এখন দেশৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকে। ভাৰতে বহুপাক্ষিক কূটনৈতিক সম্পৰ্কৰ ওপৰত গুৰুত্ব দিছে। এনে পৰিস্থিতিত পশ্চিম এছিয়াৰ আমেৰিকাৰ অন্যতম ‘বন্ধু ৰাষ্ট্ৰ’ ইজৰাইলৰ সৈতে দ্বিপাক্ষিক বিনিয়োগ চুক্তি যথেষ্ট তাৎপৰ্যপূৰ্ণ। পিটিআইৰ এক সূত্ৰই জনাইছে, “এই ভ্ৰমণৰ সময়ত দ্বিপাক্ষিক বৈঠকৰ জৰিয়তে ভাৰত আৰু ইজৰাইলৰ মাজত আৰ্থিক সম্পৰ্ক আৰু মজবুত হ’ব। মুক্ত বাণিজ্য চুক্তি আৰু দ্বিপাক্ষিক বিনিয়োগ চুক্তিৰ বিষয়ে আলোচনা হ’ব।” তেওঁ আৰু জনাইছে যে, দ্বিপাক্ষিক বিনিয়োগ চুক্তিৰ খচৰা সন্দৰ্ভত ইতিমধ্যে দুই দেশৰ মাজত আলোচনা হৈ গৈছে। এই ভ্ৰমণৰ সময়ত এই চুক্তি স্বাক্ষৰিত হ’ব পাৰে।

এই চুক্তিয়ে দুই দেশৰ বিনিয়োগকাৰীৰ আৰ্থিক সুৰক্ষা নিশ্চিত কৰাত অধিক সহায় কৰিব বুলি আশা কৰা হৈছে। ২০২০ চনৰ পৰা এতিয়ালৈকে ইজৰাইলে ১৫খনতকৈ অধিক দেশৰ সৈতে দ্বিপাক্ষিক বিনিয়োগ চুক্তি সম্পন্ন কৰিছে, য’ত সংযুক্ত আৰব আমিৰশাহী, জাপান, থাইলেণ্ড, দক্ষিণ আফ্ৰিকাৰ দৰে দেশ অন্তৰ্ভুক্ত। ভাৰত আৰু ইজৰাইলৰ মাজৰ এই চুক্তিয়ে দ্বিপাক্ষিক বিনিয়োগৰ পথ অধিক মুকলি কৰিব বুলি ধাৰণা কৰা হৈছে। সোমবাৰৰ পৰা বুধবাৰলৈ তিনিদিনীয়া ভ্ৰমণত স্মোট্ৰিচে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বাণিজ্যমন্ত্ৰী পীযূষ গোয়েল আৰু আবাসন তথা নগৰোন্নয়ন মন্ত্ৰী মনোহৰ লাল খট্টৰৰ সৈতে বৈঠকত বহিব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...